/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/wytfuy.jpg)
ডিজিটেল সংবাদ, ওৰাং:- আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে "বিশ্ব পৰিৱেশ দিৱস"। ইয়াৰ লগত সংগৰাখি মাজবাট আঞ্চলিক বন বিভাগে ৰূপায়ণ তৰে কেইবাটাও বৃক্ষৰোপণৰ কাৰ্যসূচী।
প্ৰতি কুল বৰতৰৰ মাজতো মাজবাট চহৰৰ মাজ মজিয়াত বন বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰন কৰে একোটাকৈ গছ পুলি। ইয়াৰ উপৰিও ৰৌতা, ওৰাং আৰু ধনশ্ৰীঘাটত বিতৰণ কৰে গছ পুলি। ইফালে গছ পুলি বিতৰণৰ পিছতে মাজবাট আৰক্ষী থানা আৰু মাজবাট পশু চিকিৎসালৰ অতিথিশালাত বৃক্ষ ৰোপন কৰে মাজবাট আঞ্চলিক বন বিভাগে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে মাজবাট আঞ্চলিক বন বিভাগে বিতৰণ কৰে ১২,০০০ হটা গছ পুলি।
বন বিভাগে পৰিৱেশৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে বিতৰণ কৰে ১২,০০০ গছপুলি। বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে মাজবাট আঞ্চলিক বন বিষয়া ভি এন ভবাৰু, মাজবাট আঞ্চলিক বন বিভাগৰ খণ্ড বন বিষয়া মিন্টু বড়োৱে। আজি বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ মাজতে মাজবাট আঞ্চলিক বন বিভাগে সকলো প্ৰকৃতি প্ৰেমিক মিলি একেলগে এখন সেউজীয়া ধৰণী গঢ়ি তুলিবলৈ আহ্বান জনাই। মাজবাট আঞ্চলিক বন বিভাগে ১২,০০০ গছ পুলি বিতৰণৰ কৰা কাৰ্যসূচীক সকলো শ্ৰেণীৰ ৰাইজে শলাগ লৈছে।
আৰু পঢ়ক: সাম্প্ৰদায়িকতাই কোঙা কৰিছে মানৱতাক! ৰাজনীতি জিকিছে, জনতাই হেৰুৱাইছে…