কাইলৈ পৰা ঐতিহ্যমণ্ডিত দ'লবাগান উঃমাঃ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান...

শিক্ষক- কৰ্মচাৰী,ছাত্ৰছাত্ৰী মাজত পাৰ ভঙা উচাহ

author-image
Asomiya Pratidin
New Update
কাইলৈ পৰা ঐতিহ্যমণ্ডিত  দ'লবাগান উঃমাঃ  বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ,চৰাইদেউঃ অবিভক্ত শিৱসাগৰ জিলাৰ ঐতিহাসিক চৰাইদেউ পৰ্ব্বতৰ নামনিত ধোদৰ আলিৰ কাষত বৃটিছ আমোলত প্রতিষ্ঠিত হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাইলৈ পৰা তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ হ'ব ৷ ইতিমধ্যে শিক্ষানুষ্ঠানখন খেল পথাৰত বিশাল মণ্ডপ তোৰণ, প্ৰদৰ্শনী গ্ৰন্থমেলাকে ধৰি বিদ্যালয় চৌপাশ আটকধুনীয়া সজাই পৰাই তোলা হৈছে ৷ গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠানলৈ শিক্ষানুষ্ঠানখনি শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰ ভঙা উচাহ পৰিলক্ষিত হৈছে ৷

Advertisment

কাইলৈ পুৱা সোণাৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ছাত্র ধৰ্মেশ্বৰ কোঁৱৰে উদযাপন সমিতিৰ পতাকা আৰু অধ্যক্ষ মোহন সন্দিকৈ আৰু প্রাক্তন মন্ত্রী তথা শিক্ষানুষ্ঠান খনিৰ প্রাক্তন অধ্যক্ষ শৰৎ বৰকটকীয়ে প্রাক্তন শিক্ষক- কর্মচাৰী আৰু প্ৰাক্তন ছাত্র-ছাত্রীৰ পতাকা উত্তোলন কৰাৰ সমান্তৰাল ভাৱে ১৯১৯ চনৰ পৰা পৰ্যায়ক্রমে ১০০ খন পতাকা স্থানীয় গণ্য মান্য ব্যক্তিয়ে উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি হ'ব ৷

অনুষ্ঠানৰ অন্তিম দিনা অৰ্থাৎ ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী ডাঃ ৰনোজ পেগু, পীযূষ হাজৰিকা, যোগেন মহন, বিধায়ক দেৱব্ৰত শইকীয়া আৰু সমাজকৰ্মী ফণীন্দ্রনাথ শর্মা উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷

assam charaideo