/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/svkbkj.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ঢকুৱাখনা মহকুমাৰ
চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ তুলনাত বেচৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ ফলাফল সন্তোষজনক হোৱা পৰিলক্ষিত হৈছে। মহকুমাটোৰ কিছু সংখ্যক বিদ্যালয়ৰ তুলনামূলক ফলাফলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয় জয়াকাৰ হোৱা তথ্য পোহৰলৈ আহিছে।
ব্যক্তিগত খণ্ডৰ গৰিষ্ঠ সংখ্যক শিক্ষানুষ্ঠানৰ উত্তীৰ্ণ হাৰ এশ শতাংশ হোৱাৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ এশ শতাংশৰ কম হোৱা দেখা গৈছে। এইক্ষেত্ৰত উদাহৰণ স্বৰূপে শংকৰদেৱ শিশু নিকেতন ঘিলামৰা আৰু ঢকুৱাখনাৰ দুয়োখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ এশ শতাংশ হোৱা পৰিলক্ষিত হৈছে । ঘিলামৰা নিকেতনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৫ গৰাকী প্ৰথম বিভাগত ,৮ গৰাকী দ্বিতীয় বিভাগত ,তৃতীয় বিভাগত ২ গৰাকী উত্তীৰ্ণ হৈছে ।
ইয়াৰ ৮ গৰাকীয়ে ডিষ্টিংছন নম্বৰ আৰু ৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে । ঢকুৱাখনা নিকেতনৰ পৰা ৮০ গৰাকী অৱতীৰ্ণ হৈ ৫৩ গৰাকীয়ে প্ৰথম , ২৫ গৰাকীয়ে দ্বিতীয় ,২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । ইয়াৰে ১৭ গৰাকীয়ে দিষ্টিংছন নম্বৰ আৰু ১৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে । তেনেদৰে ঢকুৱাখনাৰ ডঃ বি আৰ আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈ ১৭ গৰাকীয়ে প্ৰথম ,১০ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এগৰাকীয়ে দিষ্টিংছন নম্বৰ ,৩ গৰাকীয়ে ষ্টাৰ নম্বৰ আৰু ১৩ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিছে।
তেনেদৰে ঢকুৱাখনা জাতিয় বিদ্যালয়ৰ পৰা মুঠ ৩০ গৰাকী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ১৯ গৰাকীয়ে ,দ্বিতীয় বিভাগত ১০ গৰাকীয়ে আৰু তৃতীয় বিভাগত ১ গৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ৪ গৰাকীয়ে দিষ্টিংছন নম্বৰ আৰু
৫ গৰাকীয়ে ষ্টাৰ নম্বৰ অর্জন কৰিছে । বিদ্যালয় খনৰ উত্তীৰ্ণ হাৰ শতকৰা ১০০ শতাংশ । তদ্রুপ ভাবে খেৰকটা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত গেজেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ২৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ৬ গৰাকীয়ে ,দ্বিতীয় বিভাগত ১৬ গৰাকীয়ে ,তৃতীয় বিভাগত ২ গৰাকী উত্তীৰ্ণ হৈছে । ইয়াৰে ২ গৰাকীয়ে ষ্টাৰ নম্বৰ অর্জন কৰি উত্তীৰ্ণ হাৰ শতকৰা ১০০ শতাংশ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয় খনৰ পৰা ভূগোল বিষয়ত এগৰাকী শিক্ষাৰ্থী ঋতু মনি পাতিৰে সৰ্বোচ্ছ ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
সোনাৰী চাপৰি জাতিয় বিদ্যালয়ৰ পৰা মুঠ ১৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ৯ গৰাকীয়ে ,দ্বিতীয় বিভাগত ৪ গৰাকীয়ে আৰু ৩ গৰাকী শিক্ষাৰ্থীয়ে সকলো নম্বৰত লেটাৰ নম্বৰ লৈ দিষ্টিংছন নম্বৰ সহ উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী সুদীপ্ত শংকৰ দিহিঙীয়াই সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতত সৰ্বোচ্চ ১০০ নম্বৰ অর্জনেৰে ৯৫'০৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । বেচৰকাৰী বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ শতকৰা ১০০ শতাংশ।
বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয় ক্ৰমে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭০ গৰাকী অৱতীৰ্ণ হৈ এগৰাকীয়ে দিষ্টিংছন নম্বৰ সহ উত্তীৰ্ণ হোৱাৰ ৭ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰি প্ৰথম বিভাগত ২০ গৰাকীয়ে ,দ্বিতীয় বিভাগত ৩২ গৰাকীয়ে ,তৃতীয় বিভাগত ৯ গৰাকী উত্তীৰ্ণ হৈছে । বিদ্যালয় খনৰ উত্তীৰ্ণ হাৰ শতকৰা ৮৭'১৪ শতাংশ ।
তেনেকৈ ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৮১ গৰাকী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ২১ গৰাকী , দ্বিতীয় বিভাগত ২৯ গৰাকীয়ে আৰু তৃতীয় বিভাগত ৮ গৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ষ্টাৰ নম্বৰ ২ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে।
অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল ৬১ জন। ইয়াৰে প্ৰথম বিভাগত ৬ জন , দ্বিতীয় ৩০ জন, তৃতীয় বিভাগত ১৮ জন উত্তীৰ্ণ হৈ এজনে ষ্টাৰ নম্বৰ পাইছে আৰু তিনি জনে লেটাৰ নম্বৰ লাভ কৰিছে । বিদ্যালয়খনৰ উত্তীৰ্নৰ হাৰ ৮৮'৫২ শতাংশ ।
ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনে আশাব্যঞ্জক ফলাফলে চৰকাৰী খণ্ডৰ শিক্ষনুষ্ঠানলৈ প্ৰত্যাহ্বান আনি দিয়াৰো আশংকা কৰা হৈছে।
আৰু পঢ়ক: ৪৫ বছৰ বয়সত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ বুলবুলি খাতুন…