/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/ulfai.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সন্দৰ্ভত কেতবোৰ বক্তব্য আগবঢ়োৱাৰ পিছতেই আলফা নেতা আইচেং অসমে ১০ গৰাকী যুৱক যুৱতীক আলফাত যোগদান কৰাব বুলি হুংকাৰ দিছিল ৷ আলফা নেতা জনৰ হুংকাৰৰ ২৪ ঘন্টা নৌহওঁতেই আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ কৰা হৈছে ১০ অসমীয়া যুৱক-যুৱতী ৷ এই সকলৰ ভিতৰৰ দুই যুৱতী শিৱসাগৰৰ ৷
জানিব পৰা মতে দেওবাৰে ম্যানমাৰত উপস্থিত হয় আটাইকেইজন ৷ আলফা (স্বা) ত যোগদান–শিৱসাগৰ ধেমেচী বেজপথাৰৰ ৰোহিনী গগৈ,শিৱসাগৰ ফুলপানীছিগাৰ মালবিকা বৰা, ঘৰফলিয়া, আমগুৰিৰ শিৱানী গগৈ,যোৰহাট ম'হবন্ধাৰ মৃদুপৱন বৰা,কামৰূপ লোহাৰঘাটৰ অনন্ত ৰাভা,কামৰূপ ছয়গাঁৱৰ দিগন্ত দাস,ওদালগুৰিৰ ৰৌতাৰ চিন্ময় ডেকা,নলবাৰী মুকালমুৱাৰ নয়নজ্যোতি কলিতা আৰু গোলাঘাট দেৰগাঁৱৰ নকুল দাস।
ইফালে আলফাত যোগদান কৰা শিৱানী গগৈয়ে ফেচবুকত জীৱনৰ সিদ্ধান্ত নিজেই ল'ম বুলি কোৱাৰ লগতে সিদ্ধান্তৰ বাবে কোনো জগৰীয়া নহয় বুলি স্পষ্ট কৰি গৈছে ৷ শিৱানী গগৈ আমগুৰি থানাৰ অধীনৰ লালিমছিগাৰ অঞ্চলৰ প্ৰাঞ্জল গগৈ আৰু দিব্যজ্যোতি গগৈৰ কন্যা ।
প্ৰাপ্ত খবৰ মতে আমগুৰি মহাবিদ্যালয়ৰ তৃতীয় ষান্মানিকৰ ছাত্ৰী শিৱানী গগৈ যোৱা ১৩ মে'ৰ দিনা মহাবিদ্যালয়ৈ বুলি পুৱা সাত বজাতে ঘৰৰ পৰা ওলায় যায় ৷কিন্তু তেওঁ কলেজলৈ যোৱাৰ পৰিবৰ্তে আমগুৰি ৰেল জংচনত ৰেলত উঠে ৷ ইতিমধ্যে ছাত্ৰী গৰাকীৰ চাইকেলখন আমগুৰি ৰেল জংচনত উদ্ধাৰ হৈছে৷ আমগুৰি আৰক্ষীয়ে ছাত্ৰী গৰাকী আলফা(স্বাধীন)ত যোগদান কৰা সন্দৰ্ভত কোনো তথ্য নাই বুলি ব্যক্ত কৰিছে ৷