ডিজিটেল ডেস্কঃ উমৰাংছুৰ কালামাটিৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত ১০ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে এতিয়াও কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ আছে ১০ জন বা তাতকৈ অধিক শ্ৰমিক।
এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফৰ উপৰিও সেনাবাহিনীৰ উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই কয়লাখনিত শ্ৰমিকসকল কৰ্মৰত হৈ থকাৰ সময়তে পানীৰে ভৰি পৰাৰ ফলত তেওঁলোক আবদ্ধ হৈ পৰিছিল।
ইফালে অভিযোগ অনুসৰি যিটো কয়লাখনিত এই অঘটন সংঘটিত হৈছে এই কয়লাখনি পৰিচালনা কৰি আছে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা গাৰ্লোছা।
ইফালে উমৰাংছুত আজি সংঘটিত হোৱা এই ঘটনাৰ পাছতে প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক তথা পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিত হাফলংৱাৰে আমাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কাইলৈ হাফলঙত উমৰাংছুত চলি থকা অবৈধ কয়লাখননৰ লগতে উমৰাংছুৰ অবৈধ কয়লাখনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি জনাইছে।
কাইলৈ দিনত হাফলঙত বিভিন্ন দল, সংগঠনে এক বৃহৎ প্ৰতিবাদী সমাবেশৰ আহ্বান জনাইছে। এই সমাবেশত ডিমা হাছাওৰ সুৰক্ষাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা আহ্বান কৰিছে।
মন কৰিবলগীয়া যে আজি পুৱাই এই ঘটনা সংঘটিত হোৱাৰ বহু সময়লৈকে উদ্ধাৰ অভিযান চলোৱা হোৱা নাছিল। পৰৱৰ্তী সময়ত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে প্ৰথমে উদ্ধাৰ কাৰ্য চলাই আৰু ১০ জন শ্ৰমিকক উদ্ধাৰ কৰে।
পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ভাৰতীয় সেনায়ো উদ্ধাৰ কাৰ্যত সহযোগিতা আগবঢ়াইছে। তেওঁলোকে এতিয়াও আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, এই ঘটনা উমৰাংছুৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ আঁতৰত অসম-মেঘালয় সীমান্তত থকা এই কয়লখনিত সংঘটিত হৈছে।