হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ ১০ দিনীয়া যোগ কৰ্মশালা…

হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ ১০ দিনীয়া যোগ কৰ্মশালা…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ ১০ দিনীয়া যোগ কৰ্মশালা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ কৰ্মশালাৰ অন্তত নিয়মীয়াকৈ কৰ্মশালাত অংশগ্ৰহন কৰা ৮০ গৰাকী শিক্ষাৰ্থীক আজি মহাবিদ্যালয় খনৰ পৰা মানপত্ৰ বিতৰণ কৰা হয়।

Advertisment

উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত মহাবিদ্যালয় খনত এন এছ এছ আৰু এন চি চিৰ হাটশিঙিমাৰী গোটৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ১০ দিনীয়া যোগ কৰ্মশালা অনুষ্ঠিত হৈছিল । এন এছ এছৰ সদস্য, এন চি চিৰ সদস্যৰ লগতে মহাবিদ্যালয়খনৰ প্ৰায় শতাধিক শিক্ষাৰ্থী এই যৌগ কৰ্মশালাত অংশগ্ৰহন কৰে।

নিয়মিত ভাৱে ১০ দিন ধৰি কৰ্মশালাত অংশগ্ৰহন কৰা মুঠ ৮০ জন শিক্ষাৰ্থীক মঙলবাৰে মহাবিদ্যালয় খনৰ পৰা মানপত্ৰ বিতৰণ কৰা হয়। মানপত্ৰ বিতৰণ উপলক্ষে মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত এখন মানপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ ইছমাইল হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম, এন এছ এছৰ হাটশিঙিমাৰী শাখাৰ প্ৰগ্ৰেম বিষয়া ড০ মোঃ আব্দুল কৰিম সেখ, এন চি চিৰ চিটিঅ ফজলে কৰিম আহমেদ, আই কিউ এ চিৰ কো-অৰ্ডিনেটৰ ড০ মনিৰুজ্জামান সেখ, শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক কুলদ্বীপ ৰাজীৱ আহমেদ, মহাবিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বখতিয়াৰ খিলজী সহ কেবাগৰাকী বিশিষ্ট ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকি শিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ সমূহ বিতৰণ কৰে।

আৰু পঢ়ক: মূল্যবৃদ্ধি! সংসদত কেঁচা বেঙেনা খালে সাংসদ এগৰাকীয়ে…

assam south salmara