সুত দিব নোৱাৰিলে দখল কৰে সম্পত্তি : হাজো আৰক্ষীৰ অভিযানত আটক ১জন

দুদিন পূৰ্বে হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছিল তিনিজনকৈ কুখ্যাত সুদখোৰ

author-image
Asomiya Pratidin
New Update
সুত দিব নোৱাৰিলে দখল কৰে সম্পত্তি : হাজো আৰক্ষীৰ অভিযানত আটক ১জন

ডিজিটেল সংবাদ,হাজো : ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অৱ্যাহত আছে অসম আৰক্ষীৰ অভিযান। শনিবাৰে নিশা হাজোৰ দামপুৰতো হাজোৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলায়।

Advertisment

আৰক্ষীৰ এই অভিযানকালত এগৰাকী সুদখোৰক আটক কৰে। কুখ্যাত সুদখোৰগৰাকীৰ নাম হৈছে মৃদুল হুছেইন। ধৃত মৃদুলৰ ঘৰত আৰক্ষীয়ে মৰাথান অভিযান চলোৱাৰ অন্তত জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী।

নগদ ধন,বেংক একাউণ্ট,দলিল পাতকে ধৰি বেংকৰ পাছ বুক জব্দ কৰে হাজো আৰক্ষীয়ে। উল্লেখযোগ্য দীৰ্ঘদিন ধৰি দামপুৰত অবৈধ সুতৰ ব্যৱসায় কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছিল মৃদলে। সুত দিব নোৱাৰিলে সম্পত্তি দখল কৰাৰ উপৰি মাৰপিট কৰাৰো কথাও পোহৰলৈ আহিছে।

ইতিমধ্যে ধৃত মৃদুলক আটক কৰি হাজোৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।উল্লেখ্য যে দুদিন পূৰ্বে হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছিল তিনিজনকৈ কুখ্যাত সুদখোৰ।

Also Read: হিট এণ্ড ৰান : অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল বাদ্যশিল্পীৰ

Hajo Police Assam police