/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/1-wgwbUZ-25-Lei-3.jpg)
১. ৰাজ্যত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল মুঠ ১,২৯৯ জন ব্যক্তি। এই সময়চোৱাত কোভিড পৰীক্ষা কৰোৱা হৈছিল ১,২৮,৬৮৪ গৰাকী ব্যক্তিৰ। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ১.০১ শতাংশ।
২. দিনটোত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ তালিকাত শীৰ্ষত থাকিল কামৰূপ মহানগৰ।জিলাখনত বৃহস্পতিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হ'ল ১৮৪ জন ব্যক্তি। আনহাতে লখিমপুৰত ১০৩ জন, গোলাঘাটত ৯১ জন আৰু ডিব্ৰুগড়ত ৭০ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
৩. বৃহস্পতিবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২০ জন লোকৰ। ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে যোৰহাট জিলাতষ জিলাখনত দিনটোত মৃত্যু হৈছে ৪ জন লোকৰ। আনহাতে বৰপেটা, গোলাঘাট, কাৰ্বি আংলং, মৰিগাঁৱত ২ জনকৈ, চিৰাং, হাইলাকন্দি, হোজাই, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নলবাৰী জিলাত ১ জনকৈ ব্যক্তিয়ে কোভিডত প্ৰাণ হেৰুৱাইছে।
৪. ৰাজ্যত আজিৰ দিনটোত কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তিৰ সংখ্যা ১২, ৭৬৭ গৰাকী। আনহাতে আজিৰ দিনটোত হাস্পতালৰ পৰা কোভিড নিগেটিভ হৈ মুকলি হোৱা লোকৰ সংখ্যা ১,৬৬৪ গৰাকী। আজিৰ দিনটোলৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ হৈ সুস্থ হোৱাৰ হাৰ ৯৬.৫৭ শতাং আৰু মৃত্যুৰ হাৰ ০.৯৩ শতাংশ।
৫. পুনৰ টকিঅ'ৰ পৰা আহিল এক ভাল খবৰ। আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় খেলুৱৈ অতনু দাসে। চীনৰ খেলুৱৈ টাইপিছ ডেংগ ইউ-চেংগক ৩২ ৰাউণ্ডৰ মেচত পৰাস্ত কৰে অতনু দাসে।
৬. শুকুৰবাৰে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ২০২১ বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ১১ বজাত ঘোষণা কৰা হ'ব এই ফলাফলসমূহ।
৭. এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২৬৫৫৩জন পৰীক্ষাৰ্থী। ইফালে, হাইমাদ্ৰাছাত ১২২৭৫জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। প্ৰাৰ্থীসকলক তেওঁলোকৰ মাৰ্কচিট সমূহ ডাউনল'ড কৰিবলৈ ছেবাই দিছে বহু কেইটা ৱেবছাইট।
৮. শনিবাৰে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। ৩১ জুলাইৰ পুৱা ৯ বজাৰ পৰাই শিক্ষা সংসদৰ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল। ইয়াৰ উপৰিও প্ৰতিখন শিক্ষানুষ্ঠানলৈ সংসদে প্ৰেৰণ কৰিব ফলাফলসমূহ।
৯. উচ্চতৰল মাধ্যমিকৰ ফলাফল সমূহ ছাত্ৰ-ছাত্ৰীসকলে www.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assam jobalerts.com, www.schools9.com, www.results.shiksha, www. indiaResults.com, www.vidyavision.com আদি ৱেবছাইটৰ জৰিয়তে চাব পাৰিব।এই ৱেবছাইট কেইটাৰ পৰাই শিক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব নিজৰ মাৰ্কশ্বিট।
১০. উচ্চতৰ মাধ্যমিকৰ এইবাৰ মুঠ ২৪৯৮১২ গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব।ইয়াৰ ভিতৰত ৩৮৪৩০ গৰাকী বিজ্ঞান, ১৯১৮৫৫ গৰাকী কলা আৰু ১৮৪৪৩ গৰাকী বাণিজ্য শাখাৰ শিক্ষাৰ্থী।
১১. টকিঅ' অলিম্পিকৰ সপ্তমটো দিন ভাৰতৰ বাবে অতি ভাল পৰিলক্ষিত হৈছে। বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে সতীশ কুমাৰে।৯১ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সতীশ কুমাৰৰ। জামাইকাৰ বক্সাৰ ৰিক'ৰ্ডোক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ গৰাকীয়ে। অলিম্পিকত এইবাৰ বক্সিঙতো ভাৰতে মেডেল অৰ্জনৰ আশা আৰু অধিক বৃদ্ধি পাইছে।
১২. কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে কেৰালাত। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই কৰিছে এই ঘোষণা।
উল্লেখ্য যে, কেৰালাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
১৩. দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন। শিলচৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। গুৱাহাটী-শ্বিলং ৰোডত দুৰ্ঘটনাগ্ৰস্ত কনভয়ৰ বাহন। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰিল বাহনখন। এই দুৰ্ঘটনাত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী। কথমপি ৰক্ষা মন্ত্ৰী অতুল বৰাৰ বাহনখন।
১৪. বিজেপিত যোগদান কৰিব কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁই আৰু এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰ। ১ আগষ্টত যোগদান কৰিব দুয়োগৰাকী বিধায়কে। দিল্লীত এই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
১৫. কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ হস্তক্ষেপত অসম-মিজোৰাম বিবাদমান সীমান্তৱৰ্তী অঞ্চলৰ দায়িত্ব লৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে। চি আৰ পি এফৰ মহাপৰিদৰ্শক চৰবজিত সিং আৰু আৰু সহকাৰী অধিনায়ক এছ কে বাসু সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ বুধবাৰে এই অঞ্চলটোৰ দায়িত্ব গ্ৰহণ কৰে।
১৬. অলিম্পিক স্বৰ্ণ জয়ৰ আশা পূৰণ নহ'ল মেৰী কমৰ। পূৰ্বৰ অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী উত্তৰ পূবৰ বক্সাৰগৰাকী ৪৮ কেজি শাখাত কলম্বিয়াৰ ইংগ্ৰীট ভেলেন্সিয়াৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হয়।
১৭. বিশিষ্টা লেখিকা অনিমা গুহৰ দেহাৱসান। উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ।
প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ। ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে। তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ।
১৮. বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক মুহিকান্ত বৰা বৰবায়নে সত্ৰীয়া সংগীতৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাকৈ দীৰ্ঘদিনীয়া গৱেষণাৰ ফলত লিখি উলিয়াই 'খোল প্ৰসংগ'নামৰ গ্ৰন্থ। বৃহস্পতিবাৰে পুৱা ১১ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ সমিপত বদলা পদ্ম আতা মহাবিদ্যালয় শুভাৰম্ভ অনুষ্ঠানতে তেওঁৰ এই গ্ৰন্থ উন্মোচন কৰা হয়।
১৯. মৰিয়নিত সংঘটিত হৈছে জঘন্য কাণ্ড। মোমায়েকৰ কামনাৰ বলি ভাগিনীয়েক। ভাগিনীয়েকৰ বয়স আছিল ১২ বছৰ। ঘৰত কোনো নথকা অৱস্থাত মোমায়েকৰ এই কু-কাৰ্য। মৰিয়নিৰ শিলিখা চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা। লম্পট অতুল তাঁতীক ৰাইজৰ উত্তম মধ্যম। উত্তেজিত ৰাইজৰ কবলৰ পৰা অতুল তাঁতীক উদ্ধাৰ মৰিয়নি আৰক্ষীৰ।
২০. পশুতকৈয়ো অধম প্ৰকৃতিৰ এগৰাকী বিবাহিত লম্পট চৰিত্ৰৰ যুৱকে সংঘটিত কৰিছে এক জঘন্য ঘটনা। মহকুমাটোৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মাজান চাহ বাগিচাখনৰ এক নং শ্ৰমিক লাইনৰ নিভাস হৰিপাল (বয়স-২৭,পিতা:মোহন) নামৰ অস্থায়ী শ্ৰমিক জনে অশ্লীল ভিডিঅ' দেখুৱাই তিনি কন্যা শিশুক যৌন নিৰ্যাতন সংঘটিত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পাছতেৰা উত্তপ্ত হৈ পৰিছে ব্ৰহ্মাজান চাহ বাগিচা।
২১. যি সময়ত কোভিড পৰিস্থিতিয়ে দেশৰ উদ্যোগ খণ্ড আৰু অৰ্থনৈতিক স্থিতি দুৰ্বল কৰি লোকচানমুখী হৈ পৰিছে তেনে সময়তে অসমৰ এ পি এলে কোভিড পৰিস্থিতিত মোকাবিলা কৰি লাভৰ মুখ দেখুওৱাৰ সমান্তৰাল ভাৱে প্ৰায় ১৭শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত ৫০০ টন মিঠানল উৎপাদন ক্ষম নতুন প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যও সম্পূৰ্ণ কৰি তুলিলে।বৃহস্পতিবাৰে এ পি এলৰ আলোচনা কক্ষত উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকাই সমবেত সাংবাদিকক এই কথা সদৰি কৰে।
২২. অসম চৰকাৰৰ গৃহ বিভাগৰ সতৰ্ক বাণী। মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান অসম চৰকাৰ গৃহ বিভাগৰ। এই সময়চোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান। অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা। অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা। মিজোৰাম চৰকাৰ, আৰক্ষী, দল, সংগঠনে ধাৰাবাহীকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ।
২৩. বৃহস্পতিবাৰে সন্ধিয়া ৰৌতা আৰক্ষীৰ জালত পৰে গাঞ্জাসহ এজন সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্যীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই ১০ কেজি গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা গাঞ্জা সৰবৰাহকাৰীজন হৈছে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৪ নম্বৰ মাজুলী গাওঁৰ চেমলা দৈমাৰী(৪০)।
২৪. ২০০৬ চনত নগাঁও জিলাৰ বেবেজীয়াত অনুষ্ঠিত হোৱা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মহাৰজত জয়ন্তী অধিবেশনৰ আদৰণী সমিতিৰ সম্পাদক তথা নগাঁও চহৰৰ দাঁতিকাষৰীয়া মাজৰআটি গাঁৱৰ নিবাসী অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰাৰ বৃহস্পতিবাৰে সন্ধ্যা নিজা বাসভৱনত বিয়োগ হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ।
২৫. চাপৰমুখ ৰেলৱে আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই জাগীৰোড থানাৰ অন্তৰ্গত কাৰছোৱাবৰী বৰামাৰী গাঁৱত ৰেলৰ টিকট কটা এটা অবৈধ কম্পিউটাৰ কেন্দ্ৰ বন্ধ কৰি দিয়াৰ লগতে জব্দ কৰে লেপটপ,মবাইল ফোন আৰু কেইবাটাও বহিঃৰাজ্যলৈ যোৱা ৰেলৰ টিকট। আটক কৰা যুৱক জনৰ নাম হুজাইল আহমেদ।