বিশ্ব পৰিবেশ দিৱস: ধনশিৰিত ১ লাখ গছ পুলি ৰোপণ…

বিশ্ব পৰিবেশ দিৱস: ধনশিৰিত ১ লাখ গছ পুলি ৰোপণ…

author-image
asomiyapratidin
New Update
বিশ্ব পৰিবেশ দিৱস: ধনশিৰিত ১ লাখ গছ পুলি ৰোপণ…

ডিজিটেল সংবাদ, উৰিয়ামঘাট– দেওবাৰে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমাৰ টেঙানীৰ দুই নৈ মুখৰ এক বৃহত্তৰ অঞ্চলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সেউজী ধৰণীৰ সপোন সফল কৰাৰ উদ্দেশ্যে সৰুপথাৰ সমষ্টিত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।

Advertisment

বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত গোলাঘাট বন বিভাগ, টেঙানী গাওঁবুঢ়া সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি প্ৰায় ৪০ হেক্টৰ  ভুমিত একেদিনাই ৰোপণ কৰা হয় ১ লাখ বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ পুলি ৷ অঞ্চলটোত চন পৰি থকা প্ৰায় ৪০ হেক্টৰ মাটিত টেক্টৰে হাল বাই ৰোপণ কৰা হৈছে এইসমূহ গছপুলি ।

ধনশিৰি মহকুমাৰ প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি ৰোপণ কৰা হৈছে এইসমূহ গছপুলি ৷ এই কাৰ্যসূচীত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা,সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা বন সংমণ্ডল বিষয়া সুশিল কুমাৰ  ঠাকুৰীয়া,ধনশিৰি মহকুমাৰ মোহকুমাধিপতি দিনচেংফা বৰুৱা,দণ্ডাধীক প্ৰাণজিল গগৈ, চক্ৰ বিষয়া হেমাংগ নাবিছ উপস্থিত থাকে ৷

আৰু পঢ়ক: ওৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় ৭৭ কিলো. গাঞ্জা…

assam uriamghat world environment day