/asomiyapratidin/media/media_files/2025/03/10/XSLH4K3ZZJ2uCqCN6q6F.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰে সম্পূৰ্ণ কৰিছে ১ লাখ নিযুক্তি প্ৰক্ৰিয়া। আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে এই ঘোষণা কৰিছে। তাৰোপৰি আগন্তুক সময়ত আৰু অধিক নিযুক্তিৰো কথা উল্লেখ কৰে।
১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছতো ৰাজ্য চৰকাৰে ৪০ হাজাৰৰো অধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথাও বাজেটত উল্লেখ কৰে নেওগে।
তেওঁ কয়,মই অতি গৌৰৱেৰে জনাব বিচাৰিছো যে, অসম চৰকাৰে যুৱক-যুৱতীসকলক দিয়া এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ সআৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰা হৈছে।
তেওঁ ২০২১ ৰ পৰা বিভিন্ন বিভাগ অনুসৰি দিয়া নিযুক্তিৰ বিৱৰণো দাঙি ধৰে।
/asomiyapratidin/media/media_files/2025/03/10/Jqup6SGuaAwBN9Fa1UMw.png)
/asomiyapratidin/media/media_files/2025/03/10/weLWYP1oGbRsqhkChi7O.jpeg)
/asomiyapratidin/media/media_files/2025/03/10/zLPSp4H2dQV13QOr8cYm.jpeg)
ইফালে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰা চৰকাৰখনে অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয়, ইতিমধ্যে ৪০,৬৯৭ টা পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে। তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা ১,৬০,৫৯৬ লৈ বৃদ্ধি হ’বলৈ আগবাঢ়িছে।
নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপন
/asomiyapratidin/media/media_files/2025/03/10/UVH2KwRiwh8mgLj0S7As.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us