/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/prmdalnbl.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা ঐতিহাসিক বড়ো চুক্তি মৰ্মে স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত আজি ১৫ বছৰৰ মূৰত প্ৰথম সমাবৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়। অতি জাকজমকতাৰে অনুষ্ঠিত হোৱা প্ৰথম সমাবৰ্তন অনুষ্ঠানত চিআইটিৰ পৰা উত্তীৰ্ণ হোৱা ২৮ গৰাকী এমটেক ডিগ্ৰীধাৰীক আনুষ্ঠানিক ডিগ্ৰী প্ৰদান কৰা হয়। উক্ত সমাবৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে চিআইটিয়ে সুন্দৰ আৰম্ভণি কৰা বুলি মন্তব্য কৰি ইতিমধ্যে চিআইটি ডিমড বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হৈছে বুলি মন্তব্য কৰে ।
প্ৰতিযোগিতামুলক পৰিস্থিতিৰ সতে মোকাবিলা কৰিবলৈ হলে শ্ৰেষ্ঠতাৰ প্ৰয়োজন আৰু সেয়েহে চিআইটিত আইআইটিৰ চৌহদ মুকলি কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনোৱা হ'ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰ যিকোনো জিলাত গুৱাহাটী আইআইটিৰ চৌহদ খোলাৰ বাবে দাবী উত্থাপন কৰিছে । অনাগত সময়চোৱাত চিআইটিত নতুন নতুন প্ৰগ্ৰাম , বিষয় মুকলি কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে প্ৰমোদ বড়োৱে ।
চিআইটি কোকৰাঝাৰৰ পঞ্জীয়ক চৈতালী ব্ৰহ্মই আঁত ধৰা সমাবৰ্তন অনুষ্ঠানত গুৱাহাটী আইআইটিৰ সঞ্চালক তথা চিআইটিৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰফেচৰ টি জি সীতাৰাম,এআই চিটিই অধ্যক্ষ প্ৰফেচৰ অনিল ডি সাহাশ্ৰাবুদ্ধ ,পদ্মশ্ৰী ড°প্ৰহ্লাদ ৰামা ৰাও, পদ্মশ্ৰী ড° জিতেন্দ্ৰ নাথ গোস্মামী , প্ৰফেচৰ হেমন্ত কলিতা আৰু ফেকাল্টি সকল উপস্থিত থাকে ৷ নিজৰ ভাষণত অতিথিসকলে শিক্ষাক কেৱল চাৰ্টিফিকেট হিচাবে নলৈ জ্ঞানেৰে পৰিপুষ্ঠ হৈ সফলতাৰ দিশে আগবাঢ়ি যাবলৈ আহ্বান জনায় । চিআইটিও এদিন ভাৰতৰ শীৰ্ষতম বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ।