ভৰি পিছলি সোমাই পৰিল ৰেলৰ তলত,মৃত্যু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ...

ভৰি পিছলি সোমাই পৰিল ৰেলৰ তলত,মৃত্যু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ...

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ কৰুণ মৃত্যু ৷ মহাবিদ্যালয়ৰ ভিতৰতে জনপ্ৰিয় সংজিতা সিংহাৰ(৫০) মৃত্যুৰ বাতৰিয়ে দুখিত কৰি তুলিছে শিক্ষক , কৰ্মচাৰী আৰু ছাত্ৰীসকলক ৷

ডিজিটেল সংবাদ,নগাঁও : নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ কৰুণ মৃত্যু ৷ মহাবিদ্যালয়ৰ ভিতৰতে জনপ্ৰিয় সংজিতা সিংহাৰ(৫০) মৃত্যুৰ বাতৰিয়ে দুখিত কৰি তুলিছে শিক্ষক , কৰ্মচাৰী আৰু ছাত্ৰীসকলক ৷

ছোৱালী মহাবিদ্যালয়খনিৰ সংস্কৃত বিভাগৰ প্ৰবক্তা সংজিতা সিংহাই বৃহস্পতিবাৰে এক ৰেল দুৰ্ঘটনাত মৃত্যুক সাৱতি লয় ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা দায়িত্ব সামৰি ৰেলেৰে ঘৰলৈ যোৱাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ৰেলৰ পৰা নমাৰ সময়ত ভৰি পিছল খাই ৰেলৰ তলত পৰি যোৱাৰ ফলত মৃত্যুক সাৱতি লব লগা হয় প্ৰবক্তাগৰাকীয়ে৷

জানিব পৰা মতে ৰেলৰ তলৰ পৰা পিছত টানি মৃতদেহ উদ্ধাৰ কৰিব লগা হয় ৷ ঘটনাটো সংঘটিত হয় গুৱাহাটী নাৰেঙ্গি ৰেলষ্টেচনত ৷ নগাঁৱৰ পৰা গুৱাহাটীৰ ঘৰলৈ ৰেলেৰে যোৱা সময়তে উক্ত ঘটনাটো সংঘটিত হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত সোনৰ পদক লাভ কৰা প্ৰয়াত সংজিতা সিংহাই মৃত্যুৰ সময়ত অভিযন্তা স্বামী , পুত্ৰ , কন্যাক এৰি থৈ গৈছে ৷

আৰু পঢ়ক: অগ্নি-৫ মিছাইলৰ সফল পৰীক্ষণ! ৫,০০০ কিলোমিটাৰ দূৰত থকা লক্ষ্যবস্তু কৰিব পাৰিব ভেদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in