টাটা ট্ৰাষ্টৰ সহযোগত অসম চৰকাৰে নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী…

টাটা ট্ৰাষ্টৰ সহযোগত অসম চৰকাৰে নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী…
  • কাৰ্বিআংলঙৰ পৰা প্ৰধানমন্ত্ৰী মোডী ৰাওনা হ'ল ডিব্ৰুগড়লৈ।
  • কাৰ্বিআংলঙত ৫০০ কোটি ধন ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে।
  • ডিফুত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত আদৰ্শ স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে।
  • ইয়াৰোপৰি অমৃত সৰোবৰৰ প্ৰকল্পও শুভ উদ্বোধন কৰিলে মোডীয়ে।
  • আনহাতে ডিব্ৰুগড়ত ১-৪৫ বজাত আৰম্ভ হ'ব মোডীৰ সভা।
  • এই সভাত উপস্থিত থাকিব টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা।
  • ডিব্ৰুগড়ত নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল শুভ উদ্বোধন কৰিব মোডীয়ে।
  • ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ আন কেইবাখনো জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেঞ্চাৰ হাস্পতাল ভাৰ্ছুুৱেলী উদ্বোধন কৰিব মোডীয়ে।
  • ইয়াৰোপৰি আন ৭ খন জিলাত নতুনকৈ নিৰ্মাণ হ'বলগীয়া ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে।
  • টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই কেঞ্চাৰ হাস্পতাল কেইখন।
  • টাটা ট্ৰাষ্টে কেঞ্চাৰ হাস্পতালকেইখন নিৰ্মাণৰ বাবে অত্যাধুনিক যন্ত্ৰপাতিসহ আগবঢ়াইছে ৮৩০ কোটি টকা।
  • অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত মুঠ ১৭ খনকৈ কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in