মথুৰাপুৰত অসম জাতীয় পৰিষদত যোগদান যুব প্ৰজন্মৰ…

মথুৰাপুৰত অসম জাতীয় পৰিষদত যোগদান যুব প্ৰজন্মৰ…

author-image
asomiyapratidin
New Update
মথুৰাপুৰত অসম জাতীয় পৰিষদত যোগদান যুব প্ৰজন্মৰ…

ডিজিটেল সংবাদ,মথুৰাপুৰ : নিৰ্বাচন দিন চুম চাপি অহাত ১০৫ নং মাহমৰা বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদে ব্যাপক তৎপৰতা চলাইছে ৷ কালি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰ নিমনাগড় আৰু চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ মুঠ ৬০ গৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে অজাপত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷

Advertisment

দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী মানিক গগৈ উপস্থিতি অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি সহমত পোষণ কৰি কনচেং ৰাজকোঁৱৰ,সৌৰভ ৰাজকোঁৱৰ,বাবুলাল মাঝি,সুজিত ৰাজকোঁৱৰ,ৰমেন ৰাজকোঁৱৰ, মানস ৰাজকোঁৱৰ,পনৱ ৰাজকোঁৱৰ,হেমন্ত ৰাজকোঁৱৰ, নৱজ্যোতি ৰাজকোঁৱৰ,মনোজ হাতীমূৰীয়া,প্ৰণয় প্ৰতিম ৰাজকোঁৱৰ,দেৱজিৎ ৰাজকোঁৱৰ,ৰাজেন গগৈ, ধ্ৰুৱ গগৈ,কৃষ্ণ ৰাজ কোঁৱৰ,কলম ৰাজকোঁৱৰ,অমৰজ্যোতি গগৈ আৰু নৱজিত গগৈকে ধৰি তিনিকুৰি যুৱকে যোগদান কৰে ৷যোগদান কৰা প্ৰতিগৰাকী যুৱকে দলীয় প্ৰতীক চিহ্নৰ গামোচাৰ দললৈ আদৰণি জনায় ৷