বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

author-image
asomiyapratidin
New Update
বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

ডিজিটেল ডেস্ক : সমাগত বিধানসভা নিৰ্বাচন । বিধানসভা নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে শাসক- বিৰোধী । প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলে ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে বিজেপিৰ হৈ প্ৰচাৰ কৰিবলৈ অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ।

Advertisment

অসমত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিখনকৈ নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰিব । হোজাই,কলাইগাওঁ আৰু ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী গৰাকীয়ে । হোজাইৰ লংকাত ১১.৩০ বজাত এক জনসভাত জনসাধৰণক সম্বোধন কৰিব । হোজাইৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আদিত্যনাথে ।

ইফালে কলাইগাঁৱত দুপৰীয়া ১ বজাত সম্বোধন কৰিব এখন জনসভা । কলাইগাওঁত বিজেপি প্রাৰ্থী মধুৰাম ডেকাৰ হৈ চলাব প্রচাৰ চলোৱাৰ লগতে বিয়লি ৩ বজাত ৰঙিয়াত এক প্ৰচাৰ সভাত অংশ লৈ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী চলাব আদিত্যনাথে ।