বোকাজানৰ ১৭ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

বোকাজানৰ ১৭ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

author-image
asomiyapratidin
New Update
বোকাজানৰ ১৭ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সফলভাৱে অনুষ্ঠিত হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷ ১৭ নং বোকাজান সমষ্টিটো দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

Advertisment

বুধবাৰে পুৱাৰে পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন দায়িত্ব লাভ কৰা কৰ্মচাৰীসকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷ উল্লেখযোগ্য যে, বোকাজান সমষ্টিৰ মুঠ ২২৭ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে মহিলা ভোট গ্ৰহণ কেন্দ্ৰ ১৭ টা আৰু আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ ৪ টা । বুধবাৰে পুৱাৰে পৰা বোকাজান মহকুমাৰ দূৰণিবতীয়া ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে ভোট গ্ৰহণ কেন্দ্ৰসমুহত নিয়োজিত পিজাইডিং,পুলিং বিষয়া সহ: অন্য বিষয়া কৰ্মচাৰী সকল ।

উল্লেখ্য যে, সমগ্ৰ অসমতে এইবাৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ চৰকাৰে মহিলা কৰ্মচাৰীৰ ওপৰত এনে দায়িত্ব অৰ্পণ কৰাত স্বাভাৱিকতে মহিলা কৰ্মচাৰীসকল উৎসাহিত আৰু উৎফুল্লিত হোৱা দেখা গৈছে ৷