হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাউন্টিং এজেণ্টক ভেকচিন প্ৰদান…

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাউন্টিং এজেণ্টক ভেকচিন প্ৰদান…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাউন্টিং এজেণ্টক ভেকচিন প্ৰদান…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ২ মে' তাৰিখে অনুষ্ঠিত হ'বলগা বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ বাবে শনিবাৰৰে পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাউন্টিং এজেন্ট সকলক ভেকচিন প্ৰদানৰ কাৰ্য্যসূচী আৰম্ভ কৰিছে। ভোট গণনাৰ সময়ত কোভিডৰ প্ৰভাৱ যাতে নপৰে তাৰ বাবে স্বাস্থ্য বিভাগে জিলা প্ৰশাসনৰ নিৰ্দেশত ভেকচিন দিবলৈ আৰম্ভ কৰিছে।

Advertisment

উল্লেখ্য যে, মানকাচৰ সমষ্টিত মুঠ ৩১৬ টা ভোটগ্ৰহন কেন্দ্ৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগণনা প্ৰক্ৰিয়াত কোৰোনা সংক্ৰমণৰ ঘটনা যাতে নহয় তাৰ বাবে আগতিয়াকৈ তৎপৰ হৈছে জিলা প্ৰশাসন।