/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/rajnath-sing.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ অসমলৈ আহিব । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব । মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ এক জনসভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰুৱা আৰু ভবেন ভড়ালীৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
ইপিনে ১৩ মাৰ্চ শনিবাৰে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নী, শিৱসাগৰ চামুগুৰিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমণী তাঁতী,সুৰভী ৰাজকোঁৱৰ আৰু অনিল শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us