/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/ghy.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰিপ্ৰেক্ষিতত যান-যটৰ সম্ভাৱনা দূৰ কৰিবৰ বাবে অহা ইং ১৮ আৰু ১৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ যানবাহন চলাচলৰ সুবিধাৰ্থে পথ পৰিবৰ্তন কৰা হৈছে। সংবাদমেল যোগে এই কথা জনাই যানবাগন আৰক্ষীয়ে ।
১৮ আৰু ১৯ মাৰ্চত কোনটো পথেৰে যাত্ৰা কৰিব মহানগৰবাসীয়ে । পৰিবৰ্তন কৰা পথ সমূহ হল –
- চান্দমাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যানবাহন সমূহ জি.এন.বি. ৰোড হৈ জিলা পুথিভঁড়াল, ৰিজাৰ্ভ বেংক পইন্ট হৈ পানবজাৰ উৰণীয়া সেতুৰে যাব পাৰিব।
- উলুবাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যানবাহন সমূহ এ.টি. ৰোড হৈ যাব পাৰিব।
- পল্টনবজাৰ ফালৰ পৰা অহা কিছু সংখ্যক বাহন এম.এল.এন. ৰোড হৈ পানবজাৰ পুলিচ পইন্ট হৈ এইডচ.বি. ৰোড হৈ ভৰলুমুখৰ ফালে যাব পাৰিব।
- জালুকবাৰী-ভৰলুমুখ ফালৰ পৰা চান্দমাৰী-নুনমাটি-দিশপুৰ অভিমুখে যোৱা যানবাহন সমূহ ভৰলুমুখৰ এপ'লো পইন্ট হৈ পানবজাৰ এইডচ.বি. ৰোড অথবা এ.টি. ৰোড হৈ যাব পাৰিব।
- উজান বজাৰ খাৰঘূলী ফালৰ পৰা পানবজাৰ অভিমুখে অহা যানবাহন সমূহ টাইবুল্লাহ পথ হৈ জি.এন.বি. ৰোড, ৰিজাৰ্ভ বেংক পইন্ট হৈ এ.টি. ৰোড অথবা এম.এল.এন. হৈ এইডচ.বি. ৰোড পানবজাৰ হৈ ভৰলুমুখৰ ফালে যাব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us