প্ৰতিবাদৰ পুৰস্কাৰ ! বহু প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকাতকৈ দীঘল অখিলৰ গোচৰৰ তালিকা…

প্ৰতিবাদৰ পুৰস্কাৰ ! বহু প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকাতকৈ দীঘল অখিলৰ গোচৰৰ তালিকা…

author-image
asomiyapratidin
New Update
প্ৰতিবাদৰ পুৰস্কাৰ ! বহু প্ৰাৰ্থীৰ  সম্পত্তিৰ তালিকাতকৈ দীঘল অখিলৰ গোচৰৰ তালিকা…

ডিজিটেল ডেস্ক : ভাৰতৰ ৰাজনৈতিক ইতিহাসতে নাই এনে নেতা । সাধৰণতে নেতাই দাখিল কৰা সম্পত্তি তালিকা দীঘল হয় । কিন্তু জনসাধৰণৰ স্বাৰ্থত আপোচ বিহীন সংগ্ৰামেৰে মাত মাতি শাসক পক্ষৰ চক্ৰান্তৰ বলি হোৱা অখিল গগৈ ইয়াৰ ব্যতিক্ৰম ।

Advertisment

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব লগীয়া প্ৰাৰ্থী সন্দৰ্ভত গোচৰ ৰুজু বা আদালতত চলি থাকিলে সেই সন্দৰ্ভত দলে গণ মাধ্যমৰ জৰিয়তে সেই তথ্য ৰাজহুৱা কৰিব লাগে । ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ এই তথ্য সমূহ উপলব্ধ কৰি থোৱাৰ নিয়ম বান্ধি দিছিল আয়োগে ।

কা আন্দোলনৰ সময়ত এই জাতিধংসী আইনৰ বিৰুদ্ধে মাত মতাৰ বাবেই চৰকাৰে এখিল গগৈৰ ওপৰত জাপি দিছিল কেইবাটাও গোচৰ । নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি ২০১০ চনৰ পৰা মনোনয়ন দাখিল কৰা দিনলৈকে অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰৰ সংখ্যা ৫০ৰো অধিক হ'ব ।

চৰকাৰে ষড়যন্ত্ৰ ৰচি অখিল গগৈক কাৰাবন্দী কৰি থোৱা বুলি ইতিমধ্যে চৰ্চা চলি আছে । ২০১৯ বৰ্ষতে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল ১৯ টাকৈ গোচৰ । ২০২০ বৰ্ষতো এনআইয়ে ৰুজু কৰিছিল দুটা গোচৰ । ২০১৮ আৰু ২০১৯ বৰ্ষত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ৩ টা, ২০১৬ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ২টা, ২০১৫ বৰ্ষত ৪টাকৈ গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে ।

২০১০ বৰ্ষৰ পৰা প্ৰতিটো বছৰেই অখিল গগৈৰ বিৰুদ্ধে আছে গোচৰ । নদীবান্ধ,ভুমিপট্টাৰ অধিকাৰ,দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে অখিল গগৈয়ে । ইয়াৰ প্ৰতিশোধ স্বৰূপেই কৃষক নেতাজনৰ ওপৰত সুযোগ পালেই চৰকাৰে জাপি দিয়ে ইটোৰ পিছত সিটো গোচৰ । সেয়েহে এতিয়া নিৰ্বাচন আয়োগৰ নিৰ্দেশ মানি অখিল গগৈয়ে মনোনয়ন দাখিলৰ সময়ত দিয়া তথ্যত আন নেতাই দিয়া সম্পত্তিৰ তালিকাতকৈ দীঘল হৈ গৈছে অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰৰ তালিকা ।