অত্যাৱশকীয় সেৱাত জড়িত সকলৰ লগতে সংবাদ মাধ্যমৰ লোকলৈ এইবাৰ পোষ্টেল বেলটৰ সুবিধা…

অত্যাৱশকীয় সেৱাত জড়িত সকলৰ লগতে সংবাদ মাধ্যমৰ লোকলৈ এইবাৰ পোষ্টেল বেলটৰ সুবিধা…

author-image
asomiyapratidin
New Update
অত্যাৱশকীয় সেৱাত জড়িত সকলৰ লগতে সংবাদ মাধ্যমৰ লোকলৈ  এইবাৰ পোষ্টেল বেলটৰ সুবিধা…

ডিজিটেল ডেস্ক : অত্যাৱশকীয় সেৱাৰ সৈতে জড়িত বিষয়া -কৰ্মচাৰী সকলৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাত সহায়ক হোৱাকৈ পোষ্টেল বেলটৰ সুবিধান প্ৰদান কৰিছে ।

Advertisment

জন প্ৰতিনিধি আইন ১৯৫১ৰ ৬০ ধাৰাৰ দফা (চি)ৰ অধীনত নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি বিমান পৰিবহন,স্বাস্থ্যকৰ্মী,অসম ৰাজ্যিক পৰিবহন নিগম, দীৰ্ঘ-দুৰত্বৰ সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী সকল,অগ্নি নিৰ্বাপক সেৱা,যানবাহন আৰক্ষী,এম্বুলেণ্স সেৱা,জাহাজ পৰিবহনৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বীকৃতিপ্ৰাপ্ত যিসকল সাংবাদিক ভোট গ্ৰহণৰ দিনা সংবাদ সেৱাত নিয়োজিত হৈ ছাকিব তেওঁলোকক জৰুৰী সেৱাত আন্তৰ্ভূক্ত কৰি পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা হৈছে ।

পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক ন'ডেল বিষয়া মনোনীত কৰিবলৈও পৰামৰ্শ আগবঢ়াই নিৰ্বাচন আয়োগে । এই ন'ডেল বিষয়া গৰাকীয়ে ভোটদাতা সকলক পোষ্টেল বেলটৰ বিষয়ে অৱগত কৰোৱাব লাগিব ।