ভোটাৰ তালিকাত নাম নাই ভি কে শশীকলাৰ

ভোটাৰ তালিকাত নাম নাই ভি কে শশীকলাৰ

author-image
asomiyapratidin
New Update
ভোটাৰ তালিকাত নাম নাই ভি কে শশীকলাৰ

ডিজিটেল ডেস্কঃ ৬ এপ্ৰিলত দেশৰ ৫ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ যায়। তামিলনাডু বিধান সভা নিৰ্বাচনত ভোট নিবলৈ সুযোগ নাপালে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ ঘনিষ্ঠ সহযোগী ভি কে শশীকলাই। ইয়াৰ কাৰণ হ'ল- শশীকলাৰ ভোটাৰ তালিকাত নাম নাই।

Advertisment

বৰ্তমান বাংগালোৰৰ পৰাগানা আগ্ৰহাৰা কাৰগাৰত বন্দী হৈ আছে শশীকলা। শশীকলাৰ অধিবক্তাই জনোৱা অনুসৰি. নিৰ্বাচনী বিধি সংশোধন হোৱাৰ বাবে ২০১৯ চনৰ জানুৱাৰী মাহতেই শশীকলাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল।

জানিব পৰা মতে, তামিলনাডুৰ হাজাৰ লাইটছ্ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত শশীকলাৰ নাম অন্তৰ্ভুক্ত আছিল। ভোটাৰ তালিকাত পুনৰ নাম অন্তৰ্ভুক্ত কৰা সময়-সীমা ইতিমধ্যে উকলি গৈছে।