/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bataddrawaaa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সম্প্ৰতি তুংগত। ৫০ শতাংশ সংখ্যালঘু আৰু ৫০ শতাংশ সংখ্যগুৰু ভোটাৰৰ দ্বাৰা গঠিত বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু তথা মুছলমান অধ্যুষিত অঞ্চলসমূহ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা, বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰত বিশেষভাৱে মনোনিবেশ কৰা পৰিলক্ষিত হৈছে।
নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে বটদ্ৰৱা সমষ্টিৰ বিভিন্ন অঞ্চলৰ মুছলমান ধৰ্মৰ উলেমা সকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাক মুকলিকৈ সমৰ্থন আগবঢ়াইছে। বটদ্ৰৱা সমষ্টিৰ কটহগুৰি টুকটুকী ডাৰুল উলুম মাদ্ৰাছাত অনুষ্ঠিত এখনি সভাত মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাক সমষ্টিৰ সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলে পূৰ্ন সমৰ্থন আগবঢ়াই মুকলিভাৱে ভোটদান কৰি অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাত নিজ নিজ সহযোগ আগবঢ়াবলৈ উলেমা সকলৰ তৰফৰ পৰা আহ্বান জনাই।
আনহাতে বিজেপি দলক সহায় কৰিবলৈ আগবাঢ়ি অহা মুছলমান লোক সকলক "অপশক্তি" আখ্যা দি তেওলোকক প্ৰত্যাখ্যান কৰিবলৈ আজৰ এই সভাত সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাই বিজেপি দলক চৰম সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি এই নিৰ্বাচনত সকলো একগোট হৈ বিজেপিক প্ৰতিহত কৰিবলৈ আহ্বান জনাই ।