/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/bikhekh-lekha-2-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পৰিবৰ্তন হোৱা নাছিল । বিজেপিয়ে ভবাৰ দৰে দ্বিতীয় বাৰ ৰাজ্য খনত শাসনলৈ আহিছিল মিত্ৰজোঁট । কিন্তু পৰিবৰ্তন শেষ মুহুৰ্তত হ'ল । অসমৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নাম ঘোষণা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ । বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত বিধায়িনী দলৰ নেতা ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল ।
দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহন কৰা সুযোগ আৰু সুবিধা থকাৰ পিছতে পট পৰিবৰ্তন হ'ল । নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা ৭ দিনৰ অন্তত মুখ্যমন্ত্ৰী কেন্দ্ৰীক উৎকণ্ঠা অন্ত পৰিল । পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিশ্চিত হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালেও হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোছাৰে আদৰনি জনোৱাই নহয় তেওঁক উষ্ম অভিনন্দনো জ্ঞাপন কৰিলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/WhatsApp-Image-2021-05-09-at-12.29.30-PM-1024x682.jpeg)
এজন পৰিপক্ক ৰাজনীতি বিদ হিচাপে পৰিচয় দি সৰ্বানন্দ সোণোৱালে বিজেপিৰ নেতৃত্বৰ সিদ্ধান্ত মানি ল'লে । মনৰ ভিতৰত ক্ষোভ অসন্তুষ্টি থাকিলেও সোণোৱালে এয়া বহি প্ৰকাশ ঘটিব নিদিলে । হাস্যবদনে একালৰ সতীৰ্থ মন্ত্ৰী গৰাকীক এই দায়িত্বৰ বাবে অভিননন্দন জনাই তেওঁ যি আচৰন কৰিলে সেয়া ৰাজনীতিত এক ইতিবাচক দৃশ্য ।
অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ উত্থান এক স্বাভাবিক ঘটনা । ৰাজ্যৰ আটাইটকৈ সক্ৰিয় আৰু সফল মন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব পালন কৰাৰ পিছত সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ নিশ্চয় তেওঁ চেষ্টা কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/44.jpeg)
বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব তুলনা নহয় । এজন ধীৰ স্থিৰ আৰু আনজন কৰ্মঠ আৰু সক্ৰিয় । মুখ্যমন্ত্ৰী হিচাপে ৫ টা বছৰত সৰ্বানন্দ সোণোৱালে যি ভাবমুৰ্তি ৰক্ষা কৰিবলৈ সক্ষম হ'ল সেয়া অসমৰ ৰাজনীতিৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰ'ব ।
দুৰ্নীতিৰ বিৰুদ্ধে সোণোৱালৰ কঠোৰ পদক্ষেপ আৰু তেওঁৰ সৰলতাই মানুহক আকৰ্ষন কৰিছিল । কা আন্দোলনৰ সময়ছোৱাক বাদ দি সোণোৱালৰ বিৰুদ্ধে সংবাদ মাধ্যমতো কঠোৰ সমালোচনা হোৱা নাছিল ।
নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংসদীয় ৰাজনীতিত যোগ দিছিল ২০০১ চনত । সন্মানীয় জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত ।
শৰ্মাৰ পিতৃৰ নাম কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম মৃণালীনি দেবী । নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহন কৰা হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীত হাইস্কুল শিক্ষা গ্ৰহন কৰিছিল। ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/55.jpeg)
কটন কলেজৰ পৰাই ৰাজনীতি বিজ্ঞানত স্নাতকত্তোৰ ডিগ্ৰী গ্ৰহন কৰা হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও গ্ৰহন কৰিছিল । গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নিৰু হাজৰিকাৰ তত্বাবধানত তেওঁ ডক্টৰেট ডিগ্ৰী গ্ৰহন কৰে ।
শৰ্মাৰ গৱেষনাৰ বিষয় আছিল – নৰ্থ ইষ্টাৰ্ণ কাউণ্সিল : এ ষ্ট্ৰাকছাৰেল এণ্ড ফাংচনেল এনালাইচিছ । ১৯৯৪ চনত কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত হৈ আছিল । তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা ।
কংগ্ৰেছত যোগদান কৰি তেওঁ যুৱ কল্যান বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিবাহ কৰিছিল । প্ৰথমবাৰ তেওঁ ১৯৯৬ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভৃগু কুমাৰ ফুকনৰ হাতত পৰাস্ত হৈছিল হিমন্ত বিশ্ব শৰ্মা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/11-1.jpeg)
তাৰ পিছত ২০০১ চনত তেওঁ জালুকবাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহে । মুখ্যমন্ত্ৰী ৰূপে সেই সময়ত তৰুণ গগৈয়ে যথেষ্ঠ আস্থা আৰু বিশ্বাসত লৈছিল হিমন্ত বিশ্ব শৰ্মাক । ২০০২ চনত তেওঁ শৰ্মাক মন্ত্ৰী সভাত স্থান দিছিল । প্ৰথম কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব চম্ভালিছিল হিমন্ত বিশ্ব শৰ্মাই ।
২০০৬ চনত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰে অসমত । জলুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা পুনৰ নিৰ্বাচিত হৈ আহে । তৰুন গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক শিক্ষা,স্বাস্থ্যকে ধৰি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িকত্ব দিছিল । ২০১১ত তৃতীয় বাৰৰ বাবে তৰুণ গগৈৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল ।
হিমন্ত বিশ্ব শৰ্মাই গগৈৰ মন্ত্ৰী সভাত অতিকৈ বিশ্বস্ত আৰু ক্ষমতাশালী মন্ত্ৰী ৰূপে শিক্ষা,স্বাস্থ্য,গুৱাহাটী উন্নয়ন আদি বিভাগ সমূহৰ দায়িত্ব পাইছিল । তৰুন গগৈৰ অতি ঘনিষ্ঠ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা । লাহে লাহে এই সম্পৰ্কত ঘূনে ধৰিছিল ।
হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ এই ৰাজনৈতিক সংঘাতৰ পৰিনতিত কংগ্ৰেছ এৰিব লগা হৈছিল হিমন্ত বিশ্ব শৰ্মাই । ২০১৫ চনত ২৩ আগষ্টত বিজেপিত যোগদান কৰে তেওঁ । ২০১৬ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে জয়ী হয় শৰ্মা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/hbs.jpg)
অসমত বিজেপিয়ে প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ পিছত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল সৰ্বানন্দ সোণোৱালে । সোনোৱাল মন্ত্ৰী সভাত শিক্ষা,স্বাস্থ্য,লোকনিৰ্মান,বিত্ত আদি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হৈছিল শৰ্মাক ।
ৰাজ্যৰ ৰাজনীতিত সৰ্বানন্দ সোণোৱালৰ সমান্তৰাল ভাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও চৰ্চিত হৈ পৰিছিল । মাজতে শিক্ষা বিভাগৰ দায়িত্ব তেওঁৰ হাতৰ পৰা আতৰাই সিদ্ধাৰ্থ ভট্টচাৰ্যক অৰ্পন কৰা হৈছিল যদিও পুনৰ সেই দায়িত্ব তেওঁক অৰ্পন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/kkk.jpeg)
২০২১ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্যতম ৰূপকাৰ । অসমৰ প্ৰায়বোৰ সমষ্টিতে শৰ্মাই প্ৰচাৰ অভিযানত অংশ লৈছিল । ছাত্ৰ ৰাজনীতিৰে জড়িত হিমন্ত বিশ্ব শৰ্মাই ১৯৮৭ৰ পৰা ১৯৮৮ চনলৈকে কটন কলেজ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল ।
পৰৱৰ্তী সময়ত ১৯৮৮- ৮৯,১৯৮৯- ৯০,১৯৯১-৯২বৰ্ষত কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল । হাইস্কুলত পঢ়ি থকা কালতো হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল । এয়া আছিল ১৯৮২ -৮৩ চনৰ কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/eeee.jpeg)
তাৰ পিছত ১৯৮৪-৮৫ চনত কামৰূপ একাডেমী ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই ১৯৭৯ ত ভাষন দিছিল । আছুৰ উদ্যোগত অনুষ্ঠিত এক সমাবেশত পাটাছাৰকুছি বিদ্যাপিঠত ছাত্ৰ হিচাপে ভাষণ ৰাখিছিল হিমন্তই ।
যথেষ্ট চৰ্চা আৰু বিতৰ্কৰ মাজতো থাকে হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ মন্তব্য কাম-কাজ সকলো লৈ সংবাদ মাধ্যমত চলে সৰৱ আলোচনা । নিজস্ব ষ্টাইলেৰে কাম কৰা হিমন্ত বিশ্ব শৰ্মাক সাধাৰণ জনতাই ভাবে এজন ক্ষমতাবান আৰু অতি সক্ৰিয় নেতা ।
বিশেষকৈ বিভিন্ন ক্ষেত্ৰত তেওঁৰ তৎপৰতা,পৰিকল্পিত ভাবে কৰা কৰ্মকাণ্ডই তেওঁৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি কৰে । কৰোনাৰ কালত হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতাৰে পৰিস্থিতি চম্ভালিছিল সেয়া লক্ষণীয় আৰু প্ৰশংসাৰ যোগ্য আছিল ।
একেদৰে পৰৱৰ্তী সময়ত নিৰ্বাচনী কালত কোৰোনাক লৈ তেওঁ কৰা মন্তব্যই ৰাষ্ট্ৰীয় সংবাদ মধ্যমতো সমালোচনাৰ জোৱাৰ তুলিছিল । সুক্ষ্ম ভাবে প্ৰতিটো দিশ পৰ্যবেক্ষন আৰু পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহন কৰিব পৰাকৈ তেওঁ পৰিপক্ক ।
সাধাৰণ লোকে কি বিচাৰে সেয়া তেওঁ অনুভৱ কৰিব পাৰে । সেই ধৰনেই এজন বাকপটু নেতা হিচাপে ক'ত কেনেকৈ কি উত্তৰ দিব লাগে সেয়াও তেওঁ ভালদৰে জানে । তাৰ্কিক হিচাপেও হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিল । হিচাপ নিকাচ কৰি প্ৰতিটো কামত হাত দিয়া হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা আৰু তেওঁ কোৱাৰ দৰে সপোনৰ অসম খন গঢ়াৰ ক্ষেত্ৰত আজিৰ পৰা কিদৰে আগবাঢ়ে সেয়া এতিয়া লক্ষনীয় হৈ পৰিব ।
সাধাৰণ মানুহৰ বহু আশা আছে । সেই আশাবোৰ পুৰণৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আজিৰ দৰে সফল হ'ব পাৰে নে নোৱাৰে সেয়া সময়ে ক'ব । সৰ্বানন্দ সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰীৰ আসনত হিমন্ত বিশ্ব শৰ্মাক বহুৱাই বিজেপিৰ নেতৃত্বইও এক বাৰ্তাও দি গ'ল ।
কংগ্ৰেছৰ দৰে বিজেপিত ক্ষমতা কেন্দ্ৰীক ভিতৰুৱা বিসম্বাদৰ ৰোগৰ উপসৰ্গ দেখি এনে সিদ্ধান্ত ল'লে বুলি বহুতে ক'ব বিচাৰে । কিন্তু বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ তুলনা নহয় কেতিয়াও ।