ৰাজনীতিৰ নাচ-গান : মনজিৎ মহন্তৰ কণ্ঠত নৱমী ঐ…

ৰাজনীতিৰ নাচ-গান : মনজিৎ মহন্তৰ কণ্ঠত নৱমী ঐ…

author-image
asomiyapratidin
New Update
ৰাজনীতিৰ নাচ-গান : মনজিৎ মহন্তৰ কণ্ঠত নৱমী ঐ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

গায়ক– গায়িকা,অভিনেতা-অভিনেত্ৰী সকল হেৰাই থাকিল । বিজেপিত যোগদান কৰিছিল ৰাজ্যৰ বহু গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী,সাংস্কৃতিক কৰ্মীয়ে । তেওঁলোকৰ দুই একে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে টিকট বিছাৰিছিল ।

সেই সকল অভিনেতা অভিনেত্ৰী এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত উপেক্ষিত হৈ ৰ'ল । পেডেল মাৰি মাৰি পশ্চিম গুৱাহাটী নাপালে গৈ গায়ক ! চিনেমাৰ নায়ক ৰাজনীতিৰ নায়ক হ'ব নোৱাৰিলে আজিও । পবিত্ৰ মনলৈ ৰাজনীতি কৰিলেও ৰাজনীতিত তেওঁৰ স্থান টিকটৰ পৰা বহু দূৰৈত ।

ভক্তিৰসৰ নিজৰা বোৱাই বিজেপিৰ শৰন লোৱা কণ্ঠশিল্পীয়ে আজি প্ৰতিদ্বন্দ্বিতাৰ ৰাজনীতিৰ পৰা আতৰত থাকি ৰাজপথৰ জনসাগৰৰ মাজত হেৰাই গৈছে । সকলো কল্পনা পাটোৱাৰীৰ দৰে সোভাগ্যবান নহয় । বিহুৰে দৰ্শকৰ হৃদয় জিনা উজনিৰ গায়কৰ ৰাজনীতিৰ আকাশত কৃষ্ণৰ তামসা ।

কপৌ চৰাইৰ কলিজাৰ গান গোৱা গায়কে কা ৰ সময়ত ৰূপ সলাই আকৌ এবাৰ বিজেপি চৰকাৰ গোৱাটো ভুল বুলি কৈ বিজেপি এৰিছিল । পুনৰ সুযোগ বুজি তেওঁ আকৌ গেৰুৱা বসন পিন্ধিলে । এইবাৰ তেওঁ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰশংসাত কণ্ঠ নিগৰালে । এনেকৈ তেওঁ ধন্য ।

চাবুৱা অবশ্যে তেওঁ গৈ পালেগৈ ।হ'বনে অজয়ৰ বিজয়, ফলাফল পিছৰ কথা । কিন্তু টিকট তেওঁ পালে কংগ্ৰেছৰ পৰা । তেনে অভিনেতা অভিনেত্ৰ সকল এতিয়া ৰাজনীতিত এলাগী । কণ্ঠশিল্পী সকলো নেতাৰ সন্মুখত নিষ্প্ৰভ ।আশাও এতিয়া নিৰাশাৰ বলি । ৰাজনীতি কৰি ৰাইজৰ কাষ চাপিব খোজা অভিনেত্ৰীয়ে শেষ মুহুৰ্তত উঠিল গৈ জাহাজত । ইয়াৰ বিপৰীতে ৰাজপথত নেতাৰ জয়গান, নেতাৰ নাচ।

নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গীত,মাত এতিয়া মূল বস্তু হৈ পৰিছে । নাচ,গানে আকৰ্ষন কৰে হেনো । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগনন সমৰ্থকক লৈ সোনাৰাম খেলপথাৰৰ পৰা মনোনয়ন দিবলৈ আহোতে গুৱাহাটীৰ আকাশ বতাহত বাজি উঠিল -' আহিছে আহিছে হিমন্ত আহিছে, আশাৰে বতৰা লৈ ' ।

নেতাই আজি নাছিছে । নেতাই আজি গাইছে । ৰাজনীতিৰ কি এক পৰিবেশ । পূজিপতি ৰাজনৈতিক দল বোৰৰ কথা পৃথক । আৰ্তজনৰ কথা কোৱা ৰাজনৈতিক দল সমূহেও এতিয়া গীত মাতৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পোৱা গৈছে ।

নিৰ্বাচনী প্ৰচাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই যলৈ গৈছে তাতেই ৰাজনীতিৰ গীতত এপাক ৰাজনীতিৰ নাচোন দিছে । তাকে দেখি বাকী বোৰেও ককাল ভাগিছে । তাতেই সন্মুখত বহাগ বিহু । সেই বিহুৰ অনুভৱ এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত ।

নাচিব নোৱাৰা জনে দুবাহু দাঙি হাত চাপৰি বজাই হ'লেও এই গীত – মাতৰ যাত্ৰাত অংশ লৈছে । হিমন্তই যদি নাচিব পাৰে তেনে বাকী সকলোৰ নো কি কথা । চেষ্টা এটা কৰিছে সকলোৱে । সেয়েহে মনোনয়ন দাখিলৰ পৰ্বত নেতা,গীত মাতৰ শৰাই ৰাইজক আমোদ দিছে ।

কোনো নেতাই নিজেও গীত জুৰিছে । এয়া অবশ্যে ৰাজনীতিৰ গীত নহয় । কিন্তু সেই গীতে ৰাজনীতিৰ পৰিবেশৰ মাজত ৰাইকো আমোদ দিছে । ৰাইজে কৈছে সঁচাই ভাল গাইছে মনজিৎ মহন্তই । সুধাকণ্ঠৰ এক কালজয়ী গীতত কণ্ঠ নিগৰাই তেওঁ গাইছে – নৱমী ঐ….

কংগ্ৰেছ প্ৰাৰ্থী হিছাপে তেওঁ দিছপুৰ ৰাইজৰ মৰম বিচাৰিছে । এই সময়ত জনতাৰ মৰম সকলোৰে কাম্য।মনজিৎ মহন্তক লৈও ৰচনা হৈছে গীত । স্থানীয় সমষ্টি সমূহত প্ৰাৰ্থী সকলে নিজাকৈও এনে বহু ৰাজনীতিৰ গীত নিজৰ প্ৰচাৰৰ উদ্দেশ্যে বজাইছে ।

সাধৰণতে দেখা যায় নেতা সকলে জনতাক নচুৱাই । ভোটতো লৈ নেতাৰ নিৰদ্দেশ হয়,ৰাইজ হাহাকাৰ কৰি মৰে । নেতাৰ আঙুলীৰ ইছাৰাত নাচিব লগা হয় সাধাৰণ লোক । এইবাৰ পিছে দৃশ্য পৃথক। নেতাই নাচিছে, নেতাই গাইছে আৰু ৰাইজে নীৰৱ দৰ্শক হৈ উপভোগ কৰিছে ৰাজনীতিৰ গান বাজনা ।

আগতে শুনা পোৱা গৈছিল উত্তৰ প্ৰদেশ, বিহাৰ নিৰ্বাচনত চলে গান বাজনা । সেই নাচ গানত মছগুল হৈ পৰা ভোটাৰকলৈ জয়ৰ অংক দেখে প্ৰাৰ্থী সকলে । নিৰ্বাচনী সভা মানেই যেন সাংস্কৃতিক অনুষ্ঠান । এতিয়া অসমত সেই পৰিবেশ । ইয়াকে হয়তো ক'ব পাৰি জয় আই অসম বোল ।

হিমন্ত বিশ্ব শৰ্মা মনোনয়ন দিবলৈ আহোতে সোনাৰাম খেলপথাৰৰ পৰা এক হিমন্তময়ী পৰিবেশ হে দেখা পোৱা গ'ল । মহানগৰীৰ ৰাজপথত এই পৰিবেশ আৰু লাহোৱালত তেতিয়া ব্যস্ত আছিল ৰাহুল গান্ধী । ছাত্ৰ – ছাত্ৰী সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত কংগ্ৰেছ নেতা গৰাকীয়ে অংশ লৈছিল ।

ৰাজনীতি এতিয়া প্ৰদৰ্শনৰ খেল । শক্তি প্ৰদৰ্শনৰ নামত চলে প্ৰতিয়োগিতা । তেনে প্ৰদৰ্শন ধৰ্মীতাই ভোটাৰক আকৰ্ষন কৰিব পাৰে বুলি বিশ্বাস কৰে নেতা সকলে । এই বতাহত হয়তো উটি ভাহি ফুৰে এচাম ভোটাৰ । এনেকৈয়ে নাচ-গানৰ প্ৰতিযোগিতা অসমৰ ৰাজনীতিত এতিয়া এক কাৰক হৈ পৰিছে ।

নেতাৰ মুখৰ কটাক্ষ, নেতাৰ বচন,নেতাৰ আচৰন আৰু নেতাৰ ধৰণ- কৰণ সাধাৰণ লোকৰো চৰ্চাৰ বিষয় হয় । কাৰ মনোনয়ন দিবলৈ যাওতে কিমান মানুহ হৈছে সেয়া চাইয়ে বহুতে কৈ দিব পাৰে কোনটো সমষ্টিত কাৰ ভাল স্থিতি । তথাপিও নিৰ্বাচন বুলি সকলোৱে ফুৰ্তি কৰিছে । এয়াও এক সুযোগ । কোনোবাই হাঁহিব,কোনোবাই কান্দিব । নিৰ্বাচন জানো প্ৰতিবছৰে আহিব ।