ভোট গণনা সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বিশেষ সভা…

ভোট গণনা সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বিশেষ সভা…

author-image
asomiyapratidin
New Update
ভোট গণনা সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বিশেষ সভা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অহা ২ মে তাৰিখে অসম বিধান সভাৰ নিৰ্বাচনৰ দক্ষিণ শালমা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গননাৰ বাবে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বিশেষ সভাৰ আয়োজন কৰি পৰ্যালোচনা কৰাৰ লগতে ভোট গণনা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্ত, আৰক্ষী অধীক্ষকে হাটশিঙিমাৰী এলেকা পৰ্যবেক্ষণ কৰে।

Advertisment

উল্লেখ্য যে, ২ মে' তাৰিখে ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ২ সমষ্টিৰ ভোট গননা হব। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগা ভোট গণনাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ২১ নং মানকাচৰ সমষ্টি আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ভোট গননাৰ বাবে দুটা পৃথক কক্ষ নিৰ্মাণ কৰি পৃথক ভাৱে ভোটগননাৰ ব্যৱস্থা হাতত লোৱা হ'ব।

সভাখনত জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ, অতিৰিক্ত উপায়ুক্ত ইনামুল হক, জিলা নিৰ্বাচনী বিষয়া ভিবাস মেধি, জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজা, সহকাৰী আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, চিআৰপিএফৰ শীৰ্ঘ বিষয়া উপস্থিত থাকি ভোটগননা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰিবলৈ পৰ্যালোচনা কৰা হয়। একেদৰে উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি সভাখনত উপস্থিত শীৰ্ষ বিষয়া সকলে কত কেনেকৈ নিৰাপত্তা প্ৰদান কৰিব পাৰি তাক লৈ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু কাৰ্যালয়ৰ সম্মুখত পৰ্যবেক্ষণ কৰে।