অসমৰ ৰাজনীতিত ছানী লিয়নী…

অসমৰ ৰাজনীতিত ছানী লিয়নী…

author-image
asomiyapratidin
New Update
অসমৰ ৰাজনীতিত ছানী লিয়নী…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ছানী লিয়নীৰ বিশেষ পৰিচয় আছে । তেওঁৰ ক্ষেত্ৰ খনত সদায় চৰ্চা হৈ আহিছে এই গৰাকী অভিনেত্ৰী । কিন্তু অসম পালেহি এইগৰাকী অভিনেত্ৰী । অভিনয় নহয় ৰাজনীতিত সোমাল ছানি লিয়নী । কংগ্ৰেছৰ মৰিয়নীৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মুখত ছানী লিয়নীৰ নাম ।

কি প্ৰসংগত কিয় তেওঁ এই নাম ল'ব লগা হ'ল সেই যুক্তি যুক্ততা যুক্তিৰে হয়তো দিব পৰা যাব । কিন্তু অসমৰ নেতাৰ মুখত এনে কিছু অদ্ভুদ কথা বতৰা চৰ্চা হৈছে যে অসম কেন্দ্ৰীক এই নিৰ্বাচন ৰাজ্যখনৰ বা ৰাজ্যবাসীৰ সমস্যা মানসিকতা পৰা বহু দূৰৈত অবস্থান লৈ প্ৰাৰ্থী সকলে ভোটাৰক নিজৰ পক্ষলৈ আনিবৰ বাবে যি ইচ্ছা তাকেই কৰিছে ।

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আন আন নেতা সকলৰ দৰেই ১৩ মাৰ্চত অসমলৈ আহিছিল স্মৃতি ইৰাণী । অমিত শ্বাহ,ৰাজনাথ সিং,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লগতে স্মৃতি ইৰাণীয়েও এতিয়া অসমৰ ৰাজনীতিক লৈ ব্যস্ত ।

মৰিয়নী,শিবসাগৰ আৰু চামুগুৰিত ৰণডংকা বজাই স্মৃতি ইৰানীয়ে হিচাপ দি গ'ল বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ বাবে কি কৰিছে । মৰিয়নীত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ কটাক্ষ – ছানী লিয়নী আহিলেও মোক হৰুৱাব নোৱাৰে ।

পূৰ্বতেও অসমৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বলিউদৰ অভিনেত্ৰী আহিছিল । তেতিয়া বিজেপিৰ হৈ প্ৰচাৰ চলোৱা বলিউদৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ হেমামালিনীক কটাক্ষ কৰি তৰুণ গগৈয়ে কৈছিল আমাৰ অসমীয়াৰ প্ৰতিজনী জীয়ৰী-বোৱাৰীয়েই হেমামালিনী ।

ৰূপজ্যোতি কুৰ্মীয়েও প্ৰয়াত তৰুণ গগৈকে অনুসৰন কৰি বাগিছাৰ মহিলা সকলক দেখুৱাই ক'লে এই সকলেই মোৰ বাবে স্মৃতি ইৰাণী । অসমৰ ৰাজনীতিত এনেদৰেই চৰ্চালৈ আহিল স্মৃতি ইৰাণী । ৰাজ্যৰ মৌলিক সমস্যাবোৰক যেন তেওঁ লোকে পাহৰি গৈছে । কথা ক'ব লাগে কথা কৈছে ।

আমাক হেমামালিনী,স্মৃতি ইৰাণী বাআন নেতা সকলক লৈ প্ৰাৰ্থীৰ মাজত বাদানুবাদ বা শব্দযুদ্ধ নালাগে । আমাক প্ৰতিনিধিত্ব কৰিব বিচৰা নেতা সকলে কিদৰে আমাক লৈ চিন্তা চৰ্চা কৰিছে বা অসমৰ সমস্যা সমূহৰ সমাধানৰ অৰ্থে তেওঁ লোকৰ কি পৰিকল্পনা আছে তাৰ এক নিৰ্মোহ বিচাৰ বিশ্লেষনৰ প্ৰয়োজন আছে ।

সেই সুস্থ বিতৰ্কৰ পৰা প্ৰতিজন নেতাই বা প্ৰাৰ্থীয়ে আতৰি যোৱা যেন বোধ হয় । এইবাৰ ডিজিটেল মিডিয়াৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে নিৰ্বাচনত । সেয়েহে ডিজিটেল মিডিয়াৰ সৈতে জড়িত যুৱ ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ শাসকীয় বিজেপিয়ে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ সফলতাৰ জয়গান বিজ্ঞাপন ৰূপত এৰি দিছে ।

বিশ্বজনীন এই ডিজিটেল মিডিয়াৰ প্লেটফ্ৰমত মিলিয়নৰ ঘৰত দৰ্শক থকা ভিডিঅ'ত সেই বিজ্ঞাপন সমূহ গুগুলৰ মাধ্যমেৰে তৃতীয় পক্ষৰ সহযোগত এৰি দিছে । তেনে বিজ্ঞাপনৰ ভাষা,অৰ্থ হয়টো ৯৯ শতাংশ দৰ্শকে বুজি নাপায় । কিন্তু এয়া বিজেপিৰ চমক ।

আন দল সমূহৰ ক্ষেত্ৰত ডিজিটেল মিডিয়াৰ ব্যৱহাৰ বিশেষ ভাবে সুপৰিকল্পিত ৰূপত হোৱা যেন বোধ নহয় । কংগ্ৰেছ,এআইইউডিএফে বিজেপিৰ সেই ডিজিটেল মাধ্যমৰ প্ৰচাৰৰ বিৰুদ্ধে থলুৱা দৰ্শক শ্ৰোতাৰ মনত প্ৰভাম্বিত কৰিব পৰাকৈ এক সুপৰিকল্পিত প্ৰচাৰ কৰিব পৰা অবকাশ থকাৰ পিছতো সেই সুযোগ গ্ৰহণ কৰিব পৰা নাই ।

ৰাজনীতি কেবল প্ৰদৰ্শন ধৰ্মীতাৰে ইয়াৰ প্ৰকৃত উদ্যেশ্য আৰু লক্ষ্য ধনবল আৰু বাহুবলৰ মাজত হেৰাই গৈছে । জাতীয়তাবাদৰ নামলৈ ৰাজনীতি কৰা সকলেও ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত শৰনাপন্ন হৈ যেতিয়া দিল্লীত বহি ভঙা ভঙা হিন্দীৰে অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত ২৬ সমষ্টি তেওঁলোকক দিয়া বুলি আত্মগৌৰৱ বোধ কৰিছিল তেতিয়াই বুজা গৈছিল এই জাতীয়তাবাদৰ ৰক্ষক সকলে মুখা পিন্ধি ৰক্ষকে ভক্ষক হৈছে ।

ব্যক্তি স্বাৰ্থ, ক্ষমতা লিপ্সা,লবী আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ বাবে দল বাগৰা আদি সুলভ দৃশ্যৰ বাদে এতিয়ালৈকে ৰাজনীতিৰ প্ৰকৃত মুল্যায়নে কোনো এজন নেতাই সমষ্টিবাসীৰ মন জয় কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই ।

তাৰ মাজত কিছু ব্যতিক্ৰম বোকাখাতৰ প্ৰণৱ গগৈ । নেতাৰ একো একোটা মন্তব্যক লৈ নিৰ্বাচনী প্ৰচাৰৰ নামত বাতৰিৰ শিৰোনাম হৈছে । গৌৰৱ গগৈক সাংবাদিকে সুধিছিল আপোনালোকে কিমান আসন পাব । গৌৰৱ গগৈয়ে ক'লে ১০০ প্লাছ । সাংবাদিকৰ আকৌ প্ৰশ্ন বিজেপিয়ে কৈছে তেওঁলোকেও ১০০ প্লাছ পাব । গৌৰব গগৈৰ তাৎক্ষনিক উত্তৰ – সেয়া তেওঁলোকৰ আসন নহয়, পেট্ৰ'ল,ডিজেলৰ মূল্য ।

এতিয়ালৈকে অসম বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাত এইটোৱেই আটাইতকৈ বেছি চিন্তাকৰ্ষক টিপ্পনী । পেট্ৰ'ল ডিজেলৰ মুল্য বৃদ্ধিক লৈ কৰা স্বাভাবিক কটাক্ষ । ইয়াৰ বিপৰীতে মামা,বাইক,বাইকৰ পিছত উঠিবলৈ ধুনীয়া ছোৱালী,অখিল গগৈ,লুৰীণ গগৈয়ে গোটেই অসমতে নিৰ্বাচন খেলক, আদি প্ৰসংগ বোৰ ল'ৰা ধেমালীৰ দৰে ।

বদৰুদ্দিন আজমলে কোৱা বুলি এটা সম্পাদিত ভিডিঅ'ৰ জৰিয়তে সম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ এক দুষ্ট চক্ৰইও প্ৰয়াস কৰিছিল । সেই প্ৰয়াস অবশ্যে গোমৰ ফাঁক হৈ পৰিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোছা আৰি যি অসম প্ৰেমৰ নমুনা দিলে, অসমলৈ আহি ভাষনত অসম আৰু অসমীয়াৰ আবেগ উথলি উঠাৰ যিবোৰ কথা কয়হি সেই কথা আৰু কামৰ মাজত যেন বিৰাট পাৰ্থক্য ।

১২মাৰ্চ ২০২১ত সাবৰমতী আশ্ৰমত আজাদী কা অম্ব্ৰুত মহোতসবত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কি আচৰিত, ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত অসমৰ পৰা লাচিত বৰফুকনে হেনো অংশ লৈছিল । তেওঁ ক'লে – গমধৰ কোঁৱৰ, লাচিত বৰফুকন,তিৰৎ সিং আদিয়ে হেনো ভাৰতৰ স্বাধীনতা আন্দোলনলৈ আবদান আগবঢ়াইছিল ।

এয়াই অসম প্ৰীতিৰ নমুনা । কান্ধত গামোছা লৈ অসমৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ জ্ঞানৰ গভীৰতা । মানুহ আজি দিকহাৰা । দোকানে-পোহাৰে মানুহৰ মাজত আলোচনা কাৰ হ'ব এইবাৰ চৰকাৰ । পাৰিবনে বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব ?

সন্দেহ সকলোৰে মাজত,মনত । মুখ খুলি কোনেও মাত নামাতিলেও ভিতৰি ভিতৰি সাধৰণ মানুহবোৰে যেন আশ্বস্ত হ'ব পৰা নাই । মনত কৌতুহল । কি হ'ব ? কোনে শেষ হাঁহি মাৰিব ? তাৰ মাজতে বিজেপি,অগপ,কংগ্ৰেছ সমৰ্থকৰ মাজত নিৰ্বাচনী কেন্দ্ৰীক সংঘাত । লুৰীণ,অখিল গগৈ নেতৃত্বাধীন দুই দলেও ৰাজনীতিৰ ক্ষেত্ৰত নামিছে । ভিতৰি ভিতৰি প্ৰতিষ্ঠান ঢৌও বলিছে ।

ৰাজনীতিৰ বাবে এই দিন কেইটাত সম্পৰ্ক বেয়া হয় । কাৰোবাৰ পচন্দ বিজেপি । তেওঁলকৰ বাবে মোডীয়ে ভগবান । কাৰোবাৰ পচন্দ কংগ্ৰেছ । তেওঁলোকৰ বাবে ভগবান ৰাহুল । একেদৰে তৃণমূলৰ সমৰ্থক সকলৰ বাবে ভাল নেত্ৰী মমতা । ৰাইজৰ দলৰ সমৰ্থকৰ বাবে সেই স্থানত অখিল । অসম জাতীয় পৰিষদৰ বাবে লুৰীণ জ্যোতি গগৈয়ে সকলো ।

নিৰ্বাচন শেষ হ'ব । ফলাফল ওলাব । ভোটৰ যুদ্ধত কোনোবাই জিকিব, কোনোবাই হাৰিব । আকৌ সাধাৰণ মানুহৰ সংগ্ৰাম আৰম্ভ হ'ব । ৫ বছৰৰ বাবে ক্ষন্তেক বিৰতি পৰিব । তাৰ পিছত আকৌ নেতা ৰাইজৰ কাষ চাপিব । এনেকৈয়ে চলি আছে,চলি থাকিব নেকি…

কা কি হ'ল । ছয় নং দফা কাৰ্যকৰী কৰা প্ৰতিশ্ৰুতি এইবাৰ নাই কিয় । কিয় বয়-বস্তুৰ দাম বাঢ়িছে । বিকল্প ৰাজনীতিৰ সন্ধান দিব বিচৰা সকলৰ হাতত কি কৰ্মসূচী আছে । হিতাধিকাৰী সৃষ্টিৰে ভোট কিনা সকলৰ সৈতে কংগ্ৰেছ নামৰ দলটোৰ পাৰ্থক্য ক'ত ?

এইবোৰ প্ৰশ্ন মানুহৰ মনতে পাকঘূৰণী খাইছে । কোনোবাই মই মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত বুলি নিজৰ প্ৰমান পত্ৰ নিজেই দিছে । কি বিচিত্ৰ এই দিন বোৰ । ইমান প্ৰতিশ্ৰুতি জনসাধৰণৰ প্ৰতি । ৫ বছৰ শাসনত থাকি আকৌ শাসনলৈ আহিব বিচৰা বা সৰহভাগ সময়ে ক্ষমতাৰ বাঘজৰী নিজৰ হাতত ৰখা ।দল,পৰিবেশ পৰিস্থিতিয়ে নতুন আঞ্চলিকতাবাদী শক্তিক পুনৰ বিন্যাসেৰে উদজীবিত কৰিবলৈ সুযোগ দিয়া সকলৰ মুখন চোন নাই সৰ্বসাধৰণৰ মনৰ বেথা আৰু ক্ষোভৰ কথা ।

কোনোবা যদি ব্যস্ত ছানী লিয়নীৰ চিন্তাত ব্যস্ত, আন কোনোবা স্মৃতি ইৰাণীকলৈ ব্যস্ত । অসমৰ ইমানবোৰ সমস্যা,আৰ্থিক দুৰবস্থা,সম্পত্তিৰ অধিকাৰ,জাতিসত্তাৰ স্বকীয়তাৰ প্ৰতি ভাবুকি, কা, অসমৰ তৈল ক্ষেত্ৰৰ বহিৰাগত কোম্পানীক গোটাই দিয়া, নিবনুৱা সমস্যা এইবোৰক লৈ কিয় চিন্তা নকৰে প্ৰাৰ্থী সকলে । সেই ৰাজনৈতিক সচেতনতাৰ অভাব আমাৰো । হেলিকপ্তাৰ উৰিলে মানুহ দৌৰে, স্মৃতি ইৰাণী আহি কিবা ক'লে মানুহে ভোট দিব বুলি ভাবে ।

হয়টো ছানী লিয়নী আহিলে ইয়াতকৈ বেছি কিবা হ'ব বুলি আশা কৰে । সেই প্ৰলোভনৰ জালত পৰি আমি উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰিব পৰাকৈ বিবেকক গঢ়ি তুলিব নোৱাৰালৈকে এইবোৰে চলি থাকিব । নিৰ্বাচনৰ নামত ৰোড শ্ব', বিশাল জনসভা,মন্ত্ৰী-নেতাৰ মিঠা ভাষাই দিয়া আশ্বাসে আমাক আবেগিক কৰিব । আৰু আমি সেই আবেগত উটি ভাহি আগ পিছ নুগুনি আমাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠাম।

সেই ধাৰাবাহিকতাৰ ক'ৰবাত যতি পৰিব লাগিব । নেতা বা প্ৰাৰ্থীক চতুৰ কথাৰে,পাতল ভাষাৰে কোনোবা ষ্টাৰ কেম্পেইনাৰৰ ভাষনেৰে নিৰ্বাচন নচলিব । সজাগ সচেতন প্ৰথমে হ'ব লাগিব ভোটাৰ । ব্যৱস্থাগত সংস্কাৰকামী গনতান্ত্ৰিক বোধৰ পৰিচয় দিব লাগিব আমি । ইয়াৰ বাবে প্ৰতিজন ভোটাৰে ভোটৰে ভোটদান কৰিব লাগিব নিজৰ বিবেকক সুধি ।