শিলাদিত্যৰ কটা ঘাঁত কান্ধত মোনা লোৱা মানুহজনৰ চেঙা তেল…

শিলাদিত্যৰ কটা ঘাঁত কান্ধত মোনা লোৱা মানুহজনৰ চেঙা তেল…

author-image
asomiyapratidin
New Update
শিলাদিত্যৰ কটা ঘাঁত কান্ধত মোনা লোৱা মানুহজনৰ চেঙা তেল…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নেতাৰ ভাগ্য নেতাই লিখে । জনসাধৰণ হৈ থাকে নীৰৱ দৰ্শক । অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন জমা আৰু মনোনয়ন প্ৰত্যাহাৰ কৰা সময়সীমা উকলিল । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ তৎপৰতাও আৰম্ভ হৈছে ।

১০ মাৰ্চ ২০২১ত বিজেপিয়ে নতুন দিল্লীত আন তিনিজন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে । এই তালিকাত বিজেপি এজন বিধায়ক তথা নেতাৰ নাম নাহিল । সততে সৰৱ আৰু বিতৰ্কত সোমাই পৰা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবক এইবাৰ দলে প্ৰাৰ্থিত্ব নিদিলে ।

হোজাইত শিলাদিত্য দেবৰ সলনি বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক । ছিপাঝাৰত দুদিনৰ পূৰ্বে বিজেপিত যোগদান কৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পৰমানন্দ ৰাজবংশীক বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে । আনটো সমষ্টি হাইলাকান্দিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পালে মিলন দাসে ।

প্ৰাথিত্ব লাভ নকৰাৰৰ খবৰ পোৱাৰ লগে লগেই ক্ষোভত ফাটি উঠিল শিলাদিত্য দেব । প্ৰথমে নিজৰ ফেচবুকৰ টাইম লাইনত লিখিলে ' শেষ মুহুৰ্তত দলে তেওঁক গোৰ মাৰিলে ' । অতি হিন্দুত্ববাদী শিলাদিত্য ই টিকট নপোৱা খবৰে সমাজিক আৰু সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিলে ।

নিজকে বেছি হিন্দুত্ববাদী দেখুৱাবলৈ প্ৰয়াস কৰা শিলাদিত্যৰ টিকট নপোৱাৰ খবৰৰ পিছত কোনো কোনোৱে কটাক্ষ কৰি ক'লে এয়া অতি হিন্দুত্ববাদীৰ ফল । শিলাদিত্য দেবে শেষত সিদ্ধান্ত ল'লে তেওঁ দল এৰিব । সেই সিদ্ধান্ত লৈ তেওঁ ঘোষণা কৰিলে দলে বহু ৰাজনৈতিক নেতাক হত্যা কৰিছে ৰাজনৈতিক ভাবে ।

শিলাদিত্য দেবৰ বিতৰ্কিত মন্তব্যবোৰ প্ৰায়ে সংবাদ মধঘ্যমৰ বাতৰি হ'ল । এজন বিধায়ক বা জনপ্ৰতিনিধি হিচাপে কেইবাৰো লক্ষ্মন ৰেখা অতিক্ম কৰি যোৱাৰ পিছতো শাসকীয় দলৰ বিধায়ক হোৱা বাবে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

শিলাদিত্য দেবৰ সৈতে সংঘাত হৈছিল বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মাৰ সৈতে । এখন সংবাদমেল পাতি বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মাৰ বিৰুদ্ধে শিলাদিত্য গৰ্জি উঠিছিল । বিজেপিৰ অন্যতম প্ৰভাবশালী নেতা ফনী শৰ্মাক কান্ধত মোনা লোৱা মানুহজন বুলি ইংগিতেৰে হোজাইৰ বিধায়ক গৰাকী সৰৱ হৈছিল ২০২০ৰ জুলাইৰ প্ৰথম সপ্তাহতে ।

তেওঁ কৈছিল এই কান্ধত মোনা লোৱা নেতা জনে বিজেপিৰ বহু নেতাৰ ভবিষ্যত ধ্বংস কৰিছে । তেতিয়াই তেওঁ বিজেপিত আৰু নাথাকো বুলি হংকাৰ দিছিল । বিতৰ্কত তুংগত থকা বিধায়ক জনে লগতে জনাইছিল সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।

১৪ জুলাইত ৰাজনীতিৰ পৰা অবসৰ গ্ৰহন কৰিম বুলি ঘোষণা কৰিছিল যদিও ১৪ জুলাই ২০২০ত তেওঁ আন এখন নাটক ৰচনা কৰিলে । ঘোষণা কৰিলে বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতাই তেওঁৰ সৈতে যোগাযোগ কৰিছে । নেতাৰ স্বৰূপ বুজি পোৱাটো সচাই টান ।

কান্ধত মোনা লোৱা মানুহজনৰ সৈতে তেওঁৰ সংঘাত আৰম্ভ হৈছিল এনেকৈয়ে । এই ঘোষণা কৰাৰ পিছত তেওঁ হেঙেৰাবাৰীলৈ আহি দলটোৰ ক্ষমতাশালী নেতাজনৰ সৈতে আলোচনাত মিলিত হৈ পুনৰ সংবাদ মাধ্যমক ক'লে ত্যাগ কৰিবলৈ তেওঁ সাজু ।অৱশ্যে এয়া পদত্যাগ নহয়,দলৰ বাবে ত্যাগ ।

বহুতে তেতিয়া ভাবিচিল তেওঁ এজন সাহসী বিধায়ক । তাৰ পিছত আহিল নিৰ্বাচনী তৎপৰতা । দিল্লীত বিজেপিৰ টিকট কেন্দ্ৰীক আলোচনা চলি আছিল । শিলাদিত্য দেবো তেতিয়া দিল্লীত ব্যস্ত । বিজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পিছতে তেওঁ পুনৰ সংবাদ মাধ্যমক জনালে , সেই দিনা অৰ্থাৎ ২০২০ৰ জুলাইত সংবাদ মেল পাতি ফনী শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ ভিত্তিহীন আছিল ।

পঞ্চায়তৰ কেলেংকাৰীকলৈ শিলাদিত্য দেব হেনো তৎপৰ হৈছিল । তেনে দুৰ্নীতিৰে জড়িত ব্যক্তিক ফনী শৰ্মাই ৰক্ষনাবেক্ষন দিয়া বুলি তেওঁ ভুলকৈ বুজিছিল । ইয়াৰ বাবে নিচৰ্ত ক্ষমা বিচাৰিছিল তেওঁ । মুখ্যমন্ত্ৰীৰ এগৰাকী বিশেষ এগৰাকী কৰ্তব্যৰত বিষয়াৰ নাম উল্লেখেৰে কৈছিল সেই কাহিনী ।

ৰক্ষা কিন্ত নহ'ল । দলে তেওঁক প্ৰাৰ্থিত্ব নিদিলে । ক্ষমা ভিক্ষা খুজিও লাভ নহ'ল । তাৰ পিছত আকৌ সৰৱ হ'ল বিজেপিৰ নেতৃত্বৰ প্ৰতি শিলাদিত্য । প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ হোৱাৰ কিছু সময় পিছতে এটা টুইট কৰিলে ফনী শৰ্মাই লিখিলে – ' Congratulations to Ramkrishna Ghosh and Paramananda Rajbongshi for contesting on behalf of Hojai and Sipajhar constituency respectively. We hope that you will win these seats with a huge margin and make us all proud. Wish you all the best.'

প্ৰাৰ্থিত্ব পোৱা প্ৰাৰ্থী সকলক অভিনন্দন জনালে । ক'লে তিনিও প্ৰাৰ্থীয়ে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰি দলক গৌৰাম্বিত কৰিব বুলি তেওঁ আশাবাদী । বহুতে এই টুইটক টুইষ্ট কৰিলে । এদিন কান্ধত মোনা লোৱা মানুহ বুলি কটাক্ষ কৰা মানুহজনেই হেনো এনেদৰেই শিলাদিত্যৰ কটা ঘাঁত চেঙাতেল মাৰিলে ।

ৰাজনীতি এয়াই । নেতাৰ স্বৰূপ মুহুৰ্তত সলনি হয় । এনে ক'ত নেতা আমাৰ চকুৰ সন্মুখতে আছে । সুযোগ পালেই,সুবিধা আহিলেই ৰং সলাই । স্বাৰ্থ সিদ্ধি নহ'লে সমালোচনাত সৰব হয় । শিলাদিত্য দেব এটা উদাহৰন হে ।তেনে উদাহৰন আপুনি চকুৰ সন্মুখতে কিমান দেখি আছে । সচাই নেতাক বুজা টান ।