নেকান্দিবা নেকান্দিবা আমাৰ প্ৰিয় নেতা,চৰকাৰ আহিলে বহুৱাব…

নেকান্দিবা নেকান্দিবা আমাৰ প্ৰিয় নেতা,চৰকাৰ আহিলে বহুৱাব…

author-image
asomiyapratidin
New Update
নেকান্দিবা নেকান্দিবা আমাৰ প্ৰিয় নেতা,চৰকাৰ আহিলে বহুৱাব…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

সৰু ল'ৰা – ছোৱালীয়ে কান্দিলে মাক বাপেকে কি কৰে ? আগতে লোজেন,বিস্কুট,চেনীগুটি আদি দি ফুচলাইছিল । ক'ৰবালৈ ফুৰাবলৈ নিয়াৰ কথা কৈছিল । নতুবা ইমান ডাঙৰ ল'ৰাটোৱে কান্দিছে ছি: ছি: লাজ লাগে বুলি হাঁহিছিল ।

এইকেইটাৰ ভিতৰত কোনোবা এটাই কামত দিছিল । সৰু ল'ৰা- ছোৱালীৰ কান্দোন বন্ধ হৈছিল । কিছু সময় আগলৈকে থকা ভেম অহংকাৰ মুহুৰ্ততে ক'ৰবাত হেৰাই গৈছিল । সেয়া শৈশব কালৰ কথা । এতিয়া অবশ্যে লোজেন,বিস্কুট,চেনীগুটিৰ সলনি কান্দোন বন্ধ কৰিবলৈ মাক বাপেকে ল'ৰা- ছোৱালীৰ হাতত তুলি দিয়ে মোবাইল ফোন ।

ৰাজনীতিত সক্ৰিয়, সমাজ সেৱাৰ বাবে ওলাই অহা বুলি কোৱা কিছু নেতাৰ চকুতো চকুপানী দেখিবলৈ পোৱা যায় । নিৰ্বাচনৰ বতৰত নেতাৰ মান – অভিমান বাঢ়ে । চকুৰ চকুপানী বহুতে ধৰি ৰাখিব নোৱাৰে । নিৰ্বাচনৰ বতৰত নেতাই বিচৰা প্ৰথম বস্তুটোৱে হ'ল টিকট ।

টিকট নাপাই উচুপি উঠা বা ক্ষোভত ফাটি পৰা নেতাক আন দলৰ নতাই মৰ্টন,লোজন গুটিৰ দৰে নিজ দলৰ টিকট দিয়ে । সেই লোভ গিলি নেতাই পূৰ্বৰ দল এৰি নতুন দলত যোগ দিয়ে । নিৰ্বাচনৰ সময়ৰ এই পৰিবেশ বৰ উপভোগ্য হৈ পৰে ।

কোন নেতাই কাৰ কি কি টোপ গিলে সেয়া বহু সময়ত আন্ধাৰতে ৰৈ যায় । বুজি পোৱা জনে বুজিব পাৰে হতাশাত পৰি উছুপি উঠা নেতাৰ মৰ্ম বেদনা । মন্ত্ৰী বিধায়ক হোৱাৰ সপোন কাৰনো নাথাকে । ৰাজনীতি কোনে কিহৰ বাবে কৰে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই পৰিস্ফুট ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সকলো খিনি আনুষ্ঠানিকতা অন্ত হোৱাৰ পথত । মৰিয়নীৰ পৰা অখিল গগৈয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে । বৃন্দাবন গোস্বামীয়েও দলৰ পৰা টিকট নাপাই গৰ্জি উঠিছিল যদিও তেওঁ শেষ মুহুৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰিলে ।

কেইবাজনো অসম জাতীয় পৰিষদৰ নেতাৰ মনোনয়ন নাকচ হ'ল । তেজপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জীতেন বৰঠাকুৰেও মনোনয়ন উঠাই ল'লে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়াব বিচৰা অৰূপ কুমাৰ শইকীয়া, ৰফিকুল হুচেইন, অলক কুমাৰ ঘোষ,ধৰ্মেশ্বৰ ঘাটোৱাৰ,জিতু দিহিঙীয়া,কুকিল কণ্ঠ গগৈ,হৰেশ্বৰ ঘাটোৱাৰ,মহেন্দ্ৰ ধাদুমীয়া,সন্তোষ কুৰ্মী, ফাগু খাৰিয়াৰ মনোনয়ন বাতিল হৈছে ।

শাসকীয় বিজেপিয়ে কেইবাজনো নেতাক বা বিধায়কক টিকট নিদিলে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত কেইবাজনো টিকট প্ৰত্যাশী নেতাৰ মন ফৰকাল নহয় । মুখ্যমন্ত্ৰীয়ে তেওঁলোকক টিকটৰ গৰাকী কৰিব নোৱাৰিলে । সেই ক্ষোভ তেওঁলোকে বুকুৰ মাজত সাবটি থৈছে ।

কোনোবাই টিকট নাপায় দল এৰাৰ চূড়ান্ত সিদ্ধান্ত লৈছিল যদিও শেষ মুহুৰ্তত আকৌ তেওঁ ৰৈ গ'ল । দুই মন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত তেওঁ লাভ কৰা প্ৰতিশ্ৰুতি আৰু টোপে তেওঁক সুবিধাবাদী ৰূপত দাঙি ধৰিলে । এই টোপ গিলি সমষ্টিবাসীৰ লগত আলোচনা কৰা দেখুৱাই তেওঁ সিদ্ধান্ত সলনি কৰিলে ।

২৪ ঘন্টা নৌহতেই হোজাইত এইদৰে সলনি হ'ল ৰাজনৈতিক বতৰ । নাৰাজ টিকট প্ৰত্যাশী কাষত বহুৱাই অদূৰৰ্দৰ্শী নেতাই কৈয়ে পেলালে চৰকাৰ আহিলে তেওঁ কি কি পাব ? ৰাজনীতি এতিয়া এনেকুৱাই । কি পাব, কি দিব তাৰ হিচাপ নিকাচ চলে প্ৰতি মুহুৰ্তত ।

কেবল বিজেপিতে নহয় আন দলটো একেই । টিকট নাপাই দল এৰিলে কংগ্ৰেছৰো বহু জ্যেষ্ঠ নেতাই । আৰু কেইদিনমানলৈ এইখন নাটক চলি থাকিব । তৃতীয় পৰ্যায়ৰ টিকটৰ চূড়ান্ত হোৱাৰ পিছত সেই নাটকৰ যবনিকা পৰিলেও ৰাজনীতিত চিপৰাং মৰা খেল কম বেছি পৰিমানে সকলোৱে খেলে ।

টিকট নাপাই উচুপি উঠা বিধায়কে এষাৰিতেই পদত্যাগ পত্ৰ লিখি প্ৰেৰণ কৰিছিল দলৰ নেতৃত্বলৈ তেওঁৰো মন ফৰকাল হ'ল । সিদ্ধান্ত সলনি কৰিলে । নেখেলে তেওঁ নিৰ্বাচন । নেৰেও তেওঁ দলক । দলৰ প্ৰতি তেওঁৰ হেনো ইমানেই ভালপোৱা । সত্য কথা কোৱা মানুহ হয় নহয় তেওঁ সেয়া ৰাইজে বিচাৰ কৰিব । কিন্তু তেওঁৰ নাম সত্যব্ৰত কলিতা ।

বিধায়ক হোৱাই নাই মুখ্যমন্ত্ৰী ৰূপে তেওঁ যে উপযুক্ত এই প্ৰমান তেওঁ দিব বিচাৰিলে । হাইকামাণ্ডে বিচাৰিলে তেওঁ এই পদবী ল'বলৈ সাজু । বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ডিষ্টিংচন সহ উত্তীৰ্ণ হ'ব বুলি তেওঁ বিশ্বাসী । কংগ্ৰেছৰ নেতৃত্বত থকা এইগৰাকী নেতাই ৫ গেৰান্ট্যী সহ ৰাইজৰ কাষ চাপিছে । পিছে ৰিপুন বৰা গহপুৰত জয় হোৱা কঠিন নহ'লেও ইমান সহজ হৈ থকা নাই ।

আবেগিক আন এজন নেতা । কা আন্দোলনৰ পৰা জতীয় পৰিষদৰ লৈকে কম দিনৰ ভিতৰত অসমৰ ৰাজনীতিত এক নতুন মাত্ৰা পোৱা এই নেতাৰ চকুপানীত সচাকৈয়ে জাতীয় আবেগ লুকাই আছিল নে ? নে সেয়াও আন ৰাজনৈতিক নেতা সকলৰ দৰে বাহিৰত দেখুৱাবলৈ কৰা ৰাজনৈতিক প্ৰয়াস ।

টিকট নাপালে ক্ষোভ ব্যক্ত কৰা,দল এৰিম বুলি ভবা বহু নেতাৰ মাজত কিছু এনে নেতাও থাকে যাৰ কাষত ঠিয় হয় গৈ জ্যেষ্ঠ নেতা । প্ৰলোভন,টোপ বা আন উপায়েৰে তেওঁলোকক দলত ৰখাবলৈ চেষ্টা কৰা হয় । সেই প্ৰলোভনৰ জালত পৰা নেতা ৰৈ যায় । বিবুদ্ধিত পৰে ৰাইজ । নেতাৰ জিভা বৰ দীঘল,নেতাৰ জীভা বৰ পিছল । ভবাৰ দৰেই নেতা সৰল নহয় ।

নিজৰ সুবিধা অনুসৰি নেতাই সিদ্ধান্ত লয় । ৰাইজ নামান্তৰহে মাথো । নেতাই সদায় ভাৱৰীয়া । ৰাইজ এই নাটকৰ দৰ্শক । ক্ষমতাশালী,প্ৰভাবশালী নেতাক নিচুকাই দলৰ নেতাই -' নেকান্দিবা নেকান্দিবা আমাৰ প্ৰিয় নেতা । চৰকাৰ আহিলে বহুৱাম …. 'এই আশাতেই নেতা বন্দী ।