/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/Bikhax-Lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এটা হাতীৰ কাহিনী । এজন মন্ত্ৰীৰ মুখত সেই কাহিনী শুনিছিল ৰাইজে । হাতীটোৰ ওপৰত হেনো আন এটা হাতী উঠিল । এটা নহয় দুটা । সেই একেই তাচ্ছিল্য সুৰ । মন্ত্ৰী জনৰ জানিবলৈ মন যায় সজাই পৰাই অনা হাতীটোৰ ওপৰত দুটাকৈ হাতী সেই দিনা উঠিছিল । এয়া অবশ্যে তেওঁৰ ভাষা ।
স্থান -গোলাঘাট । নিৰ্বাচনী বতৰত মনোনয়ন দাখিল কৰিবলৈ যাওতে সেই হাতীটো সেই সমদলত অংশ লৈছিল । আগৰ দিনত হাতীত উঠি ডাঙৰ মানুহ যায় । পানীৰাম,ঘটিৰামে হাতীত উঠা মানুহক ঘূৰি ঘূৰি চায় ।
নিৰ্বাচনৰ বতৰত সেইদিনা গোলাঘাটত হাতীত উঠা দুজন নেতাক কটাক্ষ কৰিবলৈ মন্ত্ৰী জনে ক'লে – সেই দিনা হাতীটোৰ ওপৰত দুটাকৈ হাতী উঠিছিল । হাতীটোৰ যে কি অবস্থা হৈছিল । মোৰ এতিয়া জানিব মন যায় সেই হাতী কেনে আছে ।
হাতীৰ কাহিনীৰ সূত্ৰপাত হৈছিল আন এক ঘটনাৰ পৰা । এজন প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়কে এই মন্ত্ৰী জনক সমালোচনা কৰিছিল এখন সভাতে । তেওঁ কৈছিল – মোৰ এজন বন্ধু আছে । চকু-মুখ যে এনেকুৱা এনেকুৱা কৰি থাকে । চিনি পাই নে আপোনালোকে । ডিব্ৰুগড়ত আহি তেওঁ চাইকেল চলাই আছে । মই তেওঁক সুধিব খুজিছো বন্ধু ডিব্ৰুগড়লৈ কেনেকৈ আহিলা । চাইকেল লৈতো অহা নাই ।
এইবোৰ ৰাজনীতিক ছিকুৱেণ্স । এতিয়া মানুহক হহুৱাবলৈ, হাঁহিৰ খোৰাক যোগাবলৈ জক্কৰৰ অভাব নাই । আপাত দৃষ্টিত আমাৰ নেতা সকল একো একোটা জক্কৰলৈ ৰূপান্তৰিত হৈছে । মানুহক হুৱাব খুজে । বাতৰিৰ শিৰোনাম দখল কৰিব বিছাৰে ।
অসমৰ আকাশত হেলিকপ্টাৰ উৰিছে । নিৰ্বাচনৰ হেলিকপ্টাৰ এয়া । সেই হেলিক্টাৰত উৰি নেতাই নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে । দেখাক দেখি গা উঠিছে নেতাৰ । জাতীয় পৰিষদনো কিয় পিছ পৰি থাকিব । লাহৰিঘাটলৈ উৰুৱালে হেলিকপ্টাৰ । হেলিকপ্টাৰ নামিল, মানুহে নাহিল ।
অভিনেত্ৰী গৈছিল সেই সভালৈ । যি কেইজন আছে তেওঁলোকক সন্মুখত লৈ উৰ্দুতে ভাষণ জুৰিলে । কি চতুৰ এই নেতা সকল । কেনেকৈ বাৰু তেওঁলোকে দেশ চাই বেশ ধৰিব পাৰে । হাঁহা-কান্দাৰ বাবে ৰাইজৰ কৰিবলগা আৰু একো নাথাকে ।
ধলাইত নিৰ্বাচনী প্ৰচাৰ । মঞ্চত বিজেপিৰ নেতা । ভোজপুৰী সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী মনোজ তিৱাৰীৰ গীতৰ শৰাই । গালে ভোজপুৰী গীত – ফাগুন মে বউজী বাওৱাল কৰলে বা' । তাৰ পিছত কি নৃত্য মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । ৰৈ থাকিব নোৱাৰিলে সাংসদ ৰাজদীপ ৰয় । চাব্বাছ,এয়াহে আমাৰ গনতন্ত্ৰ ।
ইয়াতকৈ আৰু ৰাইজক লাগিছে কি । গেৰান্টী দি কিছু লোক বহি আছে । এইবাৰহে যেন তেওঁলোকে সাৰ পাইছে । আকৌ এবাৰ বিজেপি চৰকাৰ বুলি শ্লোগান দিয়া সকলে একেই সুৰতে নতুন শ্লোগান দিছে । ইত প্ৰানী বোৰেও যেন এইবোৰ দেখি সহ্য কৰিব পৰা নাই । দেখিছে নে সেই দৃশ্য। বান্দৰে কেনেকৈ ফালিছে বিজেপি প্ৰাৰ্থীৰ পোষ্টাৰ ।
তাকেই দেখি কুকুৰে ভুকিছে । যেন প্ৰভুৰ অপকাৰ কৰিব খোজা বন্দৰ কেইটাক খাই পেলাব । ঠিক একেই হোৱা নাইনে অসমতো । ৰাময়নত বান্দৰৰ সেই ভুমিকা কোনে পাহৰিব পাৰে । তাৰেই যেন পুনৰাবৃত্তি আধুনিক গণতন্ত্ৰত । উদ্ধাৰকাৰী ৰূপত বান্দৰ । পোষ্টাৰ ফালি প্ৰতিবাদ ।
লীলা খেলা এনেদৰে চলি আছে । প্ৰিয়ংকা গান্ধী আহিছিল অসমলৈ । বৰ মিঠা মাতেৰে মোডীৰ মূৰত মাধমাৰ শোধালে । মোডীও আছিল অসমত । একেই প্ৰতিশ্ৰুতি,মিঠা মিঠা ভাললগা কথা । কিন্তু কথাত আত্মবিশ্বাস কম । ক'ৰবাত যেন খেলিমেলি । মনত পৰি গৈছে তেওঁৰ হয়তো ৫ বছৰৰ আগতে তেওঁ অসমলৈ আহি কোৱা কথাবোৰ ।
সাধাৰণ মানুহবোৰে কথাবোৰ পাহৰে বুলি ভবা হয় । পাহৰে নে নেপাহৰে সেয়া মানুহে জানিব । কিন্তু ক'ৰবাত ৰৈ যায় সেই প্ৰতিশ্ৰুতি । ভাললগা ভাষণেৰে ভোটাৰৰ মন জয় কৰি,হিতাধিকাৰী সৃষ্টিৰে সমাজ ব্যৱস্থা প্ৰগতিত নিজেই বাধা হ'ব খুজে তেওঁলোক । তাৰ পিছতো কেনেকৈ ক'ব খোজে উন্নয়নৰ কথা ।
সভ্যতা কাক কয় । সভ্যতাৰ যুঁজত আছে নেকি মানুহৰ শ্ৰেনী বিভাজন । মই কংগ্ৰেছ,মই বিজেপি, মই অগপ । এয়া দৃষ্টিভংগ আৰু আদৰ্শৰ দলীয় পৰিচয় । দেশ বা ৰাজ্যৰ জাতিৰ উৰ্ধত এইবোৰ হ'ব নোৱাৰে । হিন্দু – মছলমান আদি সম্প্ৰদায়িক পৰিচয়ৰে বিভাজনৰ ৰাজনীতি কৰিব খোজা সকলে কেনেকৈ কয় সভ্যতাৰ কথা ।
আমি দেখিও একো নেদেখো । আমি শুনিও যেন একো নুশুনো । 'কা' ক লৈ কিমান চিঞৰ বাখৰ হ'ল । অসমৰ কথা ইমান চিন্তা কৰা বিজেপিয়ে নিৰ্বাচনৰ বতৰত কা ৰ কথা কোৱা নাই । জানে,কা বিচৰাতকৈ নিবিচৰা মানুহ অসমত বেছি ।
পশ্চিমবংগতো নিৰ্বাচনৰ বতাহ জোৰকৈ বলিছে । দেওঁবাৰে (২১ মাৰ্চ,২০২১)ত বিজেপিয়ে ৰাজ্য খনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰিলে । য'ত উল্লেখ আছে ৰাজ্য খনত বিজেপি চৰকাৰ আহিলে প্ৰথম কেবিনেটতে কা আইন প্ৰয়োগৰ সিদ্ধান্ত ল'ব ।
ৰাজ্যখনত বাস কৰা হিন্দু শৰনাৰ্থী সকলক নাগৰিকত্ব দিব । প্ৰতি বছৰে শৰনাৰ্থী সকলৰ প্ৰতিটো পৰিয়ালক ১০ হেজাৰ টকাকৈ সাহায্য দিব ৫ বছৰলৈ । এয়া অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি । অসমত এটা,পশ্চিম বংগত আন এটা । য'ত যি ধনৰনৰ প্ৰতিশ্ৰুতি কামত আহে তেনে প্ৰতিশ্ৰুতিয়ে দিয়ে ।
বিজেপিৰ এই ধৰনৰ ভুমিকাক লৈ কাৰ মাধ্যমেৰে ৰাজনীতিত প্ৰবেশ কৰা সকলো নীৰৱ । হয়তো তেওঁ লোকে এই খবৰ পোৱাই নাই । ৰাজনীতিৰ বতৰ কিনো দৰকাৰ এইবোৰ খবৰ । কা আন্দোলনৰ মাধ্যমেৰে বহু খিনি আগবাঢ়ি নিৰ্বাচন প্ৰাৰ্থী হ'ল । এতিয়া সেইবোৰলৈ পিঠি দিছে ।
ঠগ খায় কেবল জনসাধৰণে । সাধাৰণ লোক সকলেই হৈ পৰে লক্ষ্য । সৰ্বানন্দ সোণোৱালো এদিন অসমৰে আনন্দ,সৰ্বানন্দ আছিল । লুৰীণ গগৈক ধান বিক্ৰী কৰি ৰাইজে কা ৰ বিৰুদ্ধে যুঁজিবলৈ ধন দিছিল । অখিল গগৈক মুখলৈ চাই আশা পালিছিল । বিকল্প এতিয়া ক'ত ?
কোনো কোনোৱে কৈছে- এইবাৰ দৰকাৰ,কংগ্ৰেছ চৰকাৰ । কিন্তু বিশ্বাস কেনেকৈ কৰে ৰাইজে । বিজেপিৰ দৰে যদি বা পূৰ্বৰ দৰে অসমৰ ৰাইজক আশাহত কৰে তেতিয়া বিকল্প আকৌ কি হ'ব ? এক সংস্কাৰবাদী ব্যৱস্থাগত পৰিবৰ্তনৰ প্ৰতিক্ষাত এতিয়া আমি ।