কা,কা,কা…,ভোট দিব হাঁ !

কা,কা,কা…,ভোট দিব হাঁ !

author-image
asomiyapratidin
New Update
কা,কা,কা…,ভোট দিব হাঁ !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কা,কা,কা…এইটো এটা চিনাকী শব্দ । সকলোৱে জানে কাউৰীয়ে এনেকৈ চিঞৰে । কলা কাউৰীৰ সৈতে আমাৰ বহু জনবিশ্বাস আছে । ক'ৰবালৈ যোৱাৰ আগতে কাউৰী দেখাতো বেয়া । বেয়াৰ ইংগিতেই হেনো বহন কৰে হেনো কাউৰীয়ে ।

অবশ্যে কাউৰীৰ গুনো আছে । চহৰৰ গেলা পচা বোৰ কাউৰীয়ে খায় । গাৱে-ভূঞে,চহৰে -নগৰে কাউৰীৰ উপস্থিতি মন কৰিবলগা । কাউৰী যদি নহোৱা হৈ যায় তেনেহ'লে কি হ'ব ? লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুতো আছে কাউৰীৰ কথা ।

সেই কাউৰীৰ কথা নহয় । এইবাৰ নিৰ্বাচনত কা কাকৈ চিঞৰিলে এগৰাকী অভিনেত্ৰীয়ে । তেওঁ নিজেও জানে কা,কা বুলি নিৰ্বাচনী সভাত চিঞৰি ভাষন দিলেও সেয়া কাউৰীৰ চিঞৰ নহয় । কিন্তু তেওঁৰ ভাষণ শুনি মানুহ তেওঁৰ ওপৰত কাউৰী পৰা দি পৰিলহি । অসমীয়াত যে এসাৰ কথা আছে কা,কাকৈ কাজিয়া লগে ঠিক একেদৰে ছ'চিয়েল মিডিয়াত তেওঁক বহুতে কা,কাকৈ ধৰিলেহি ।

কাউৰীৰ বাঁহত যেন তেওঁ জুই দিলে । স্বামী পিয়ুষ হাজৰিকা নিৰ্বাচনৰ প্ৰাৰ্থী । সেয়েহে তেওঁনো ৰৈ থাকে কেনেকৈ ? এইবাৰ নিৰ্বাচনত অৰাজনৈতিক পাঁচ গৰাকী নাৰীকলৈ চৰ্চা চলিছে । তাৰেই প্ৰথম শাৰীত থকা নাৰী গৰাকীয়েই হৈছে এগৰাকী অভিনেত্ৰী ।

অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী গৰাকী এতিয়া ৰাজনীতিত তুমুল চৰ্চা । শব্দ কিন্তু এটাই – কা । আনগৰাকী চৰ্চিত নাৰী এগৰাকী মাতৃ । তেওঁ সাহিত্যৰ সাধনাৰ বাট এৰি ৰাজনীতিৰ উপপথেৰে নিৰ্বাচনী প্ৰচাৰ চলাই বিতৰ্কত সোমাই পৰিছে ।

সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ সৈতে জড়িত হৈও সেই বিষয়বাবক ৰাজনীতিৰে একাকাৰ কৰি এক প্ৰকাৰৰ সমালোচনাৰ সন্মুখীন হোৱা এইগৰাকী মাতৃয়ে পুত্ৰ তথা ৰাজ্যৰ ক্ষমতাশালী মন্ত্ৰী জনৰ হৈ প্ৰচাৰ চলাওতে কোনেও একো কোৱা নাছিল । কিন্তু নলবাৰীত গৈ নিৰ্বাচনী সভাত অংশ লৈ সাহিত্য সভাৰ গৰিমাৰ লাঘৱ কৰা বুলি তেওঁৰ বিৰুদ্ধে সমালোচনা হৈছে ।

চৰ্চাত এজন কৃষক নেতাৰ মাতৃ । তেওঁৰ অবশ্যে চিধা কথা । পুত্ৰ কাৰাগাৰত,ৰাইজৰ কাষলৈ তেওঁ গৈছে কৰযোৰ কৰি আহ্বান জনাইছিল মোৰ পুত্ৰ যদি উপযুক্ত ভোট দিয়ক । ইয়াত ৰাজনীতিতকৈ এগৰাকী মাতৃৰ দায়বদ্ধতা,পুত্ৰৰ প্ৰতি থকা অকৃত্ৰিম ত্যাগ ফুটি উঠিছিল ।

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

নিৰ্বাচন হৈ গ'ল সেই সমষ্টিত । দিন ৰাতি একাকাৰ কৰা সেই মাতৃ অসুস্থ হৈ পৰিল । চৌদিশে নেদেখা জনক প্ৰাৰ্থনা – সুস্থ হৈ উঠক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ । তেনে আন এগৰাকী মাতৃ চিকিৎসালয়ৰ বিচনাত তেওঁ । পুত্ৰ দুটা সমষ্টিৰ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল । সহজ,সৰল এজনী সাদৰী মানুহ ।

আবেগ আৰু আন্তৰিকতাৰে একমাত্ৰ পুত্ৰক সামৰি থব খোজে বুকুত । যিদিনা সদৌ অসম ছাত্ৰ সন্থা এৰিছিল, মানুহে তেওঁৰ পুত্ৰক দেখুৱা মৰমৰ বাবে তেওঁ নিজেও উচুপি উঠিছিল । হঠাৎ আহিছিল দুখবৰ। গাখীৰ খিৰাই থাকোতে অসুস্থ হৈ পৰিছিল তেওঁ । তাৰ পিছত এতিয়া চিকিৎসালয়ৰ বিচনাত । নাম তেওঁৰ দুলু গগৈ । লুৰীণ গগৈৰ মাতৃ ।

লাচি্তৰ সৈতে মাতৃ

ঘৰত লাচিত বুলি মাতে তেওঁক । কা আন্দোলনৰ সময়ত তেওঁ লাচিতৰ দৰেই ভূমিকা পালন কৰিব লগা হৈছিল । তাৰ পিছত ৰাজনীতিত নামিল তেওঁ । সফল,বিফল সেই পাৰম্ভিক বতৰা নিৰ্বাচনৰ ফলাফলে কঢ়িয়াই আনিব । কিন্তু চিন্তিত মাতৃ ।

অসুস্থ হৈ তেওঁ চিকিৎসাধীন । চিনাকী অচিনাকী বহু লোকৰ প্ৰাৰ্থনা – আৰোগ্য হৈ উঠক তেওঁ । সেই সুখবৰৰ প্ৰতীক্ষাত ৰাজ্যবাসী । ৰাজনীতি তেওঁ নকৰে । ৰাজনীতিত তেওঁ নাই । তথাপিও চৰ্চা ৰাজ্যৰ ৰাজনীতিত এই মাতৃৰ নাম ।

সকলোৰে প্ৰাৰ্থনা, আশু আৰোগ্য কামনা

আন এগৰাকী ২০২১ৰ নিৰ্বাচনত চৰ্চিত নাৰী । তেওঁ এগৰাকী সুকণ্ঠৰ গায়িকা । বহুতেই শুনিছে এই গীত – ' মৰম দিলি,চেনেহ দিলি,বাটতে লগ পায় । অ' মই ষোল্ল বছৰত ভৰি দিয়া নাই ।' গৰ্জি উঠিছিল তেওঁ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে । কি কাৰনত ছিপাঝাৰ সমষ্টি বিজেপিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে তেওঁৰ এই ক্ষোভ সেয়াও এক অন্য কাহিনী ।

সেই কাহিনী তাতেই শেষ হোৱা নাই । সাহিত্য সভাৰ বিতৰ্কিত অধ্যায় এতিয়া অন্ত পৰিছে । আৰম্ভ হৈছে ৰাজনীতিৰ বিতৰ্কিত অধ্যায়ৰ পাতনি । প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ এটা কথপোকথনৰ অডিঅ' এতিয়া তুমুল চৰ্চাত । টিকট কেন্দ্ৰীক কথা বতৰা এইবোৰ । শুনিলেই গম পোৱা যায় ৰাজনীতিত চলে কি ?

বিজেপিৰ প্ৰাৰ্থী তেওঁ । নিজ দলৰ নেতাকে গোৱাল গালি । বাদ পৰা নাই মঙলদৈ সমষ্টিৰ সাংসদ,প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিজেপি নেতাৰ সৈতে মোবাইলত তেওঁ পতা কথোপকথন আছিল এয়া ।

সেই জন পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে পূৰ্বৰ পত্নী কুইন দাসৰ অভিয়োগ , ক্ষোভে ৰাজ্যৰ ৰাজনীতি জোকাৰি গৈছে । ৰাজনীতি নকৰা নাৰী হ'লেও ৰাজনীতিত এতিয়া চৰ্চিত হৈছে কুইন দাস । ক'ৰ পৰা যে ক'ত সংযোগ হয়হি কথাবোৰ ধৰিবই নোৱাৰি ।

আকৌ কা । আন্দোলন নহয়, নিৰ্বাচনী সভাত কা । দুদিন মানৰ পূৰ্বৰ এই ভিডিঅ' । কি উদাত্ত ভাষণ সেই অভিনেত্ৰীৰ । কা তেওঁ মানে । কা তেওঁক লাগে । আৰু কা নহ'লে কি হ'ব তাৰ জ্ঞান গভীৰ বাখ্যা । কা নামানিলে দেশান্তৰ হ'ব লাগিব, সেয়া তেওঁৰ যুক্তি ।

অভিনেত্ৰী গৰাকীৰ মুখত এইবোৰ কথা শুনি মানুহৰ কটাক্ষ । চোকা ভাষাৰেও তেওঁক সমালোচনা কৰা হৈছে । তেওঁৰ অভিনয় খতিয়ান দাঙি ধৰিছে কোনোৱে । তীৰ্যক মন্তব্যৰে ভৰি পৰিছে তেওঁৰ ফেচবুক টাইমলাইন ।

অসমত অনুষ্ঠিত হোৱা ফ্লিম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত তেওঁৰ বিহু নৃত্যৰ প্ৰসংগও টানি আনিছে কোনোবাই । মুঠতে ব্যপক সমালোচনা । সতৰ্ক কৰি দি এই অভিনেত্ৰী গৰাকীক ছ'চিয়েল মিডিয়াত তুলাধুনা দিছে । লিখিছে – তেওঁৰ স্বামীৰ মতে দেশ নচলে ।

কোনোবাই আকৌ তেওঁক প্ৰশ্ন কৰিছে – কা কি জানেনে আপুনি ? কা কিয় লাগে আপোনাক ? অন্য কিছুৱে ইতিকিঙৰ সুৰতেই লিখিছিল মোক পথাই দিব না বিদেশলৈ । সেই মন্তব্য বোৰত দেখা পোৱা গৈছে বহু সময়ত ৰুচিহীন ভাবে লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছে । এয়া শুভ লক্ষন নহয় । ভাল ভাষাৰে কঠোৰ ভাবেও সমালোচনা কৰিব পাৰি ।

নিৰ্বাচনত ইয়াৰ প্ৰভাব পৰিব বুলিও বহুতেই ভাবিছে । অভিনেত্ৰী আইমী বৰুৱাৰ এই মন্তব্যই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি শিবিৰ কপাইছে । কা মানিম বুলি আইমী বৰুৱাই কৰা মন্তব্য ব্যক্তিগত । কিন্তু সেয়া হৈ পৰিল ৰাজনৈতিক মন্তব্য । নিৰ্বাচনী মঞ্চৰ পৰা দিয়া ভাষ্য ।

সেয়েহে ছ'চিয়েল মিডিয়াতে মানুহে প্ৰতিবাদ কৰিছে । আকৌ এবাৰ কা কা বুলি ছ'ছিয়েল মিডিয়া গৰম হৈছে । মানুহৰো যে কথা । ঘনচিৰিকা চৰাই হৈ হেনো তেওঁ ৰাজহাঁহৰ খোজ দিব বিচাৰিছে । অসমৰ ৰাইজৰ অন্তৰ্ত আঘাত লগাকৈ কথা নক'ব বাবে কোনোৱে অনুৰোধও জনাইছে ।

কা,এন আৰ চি এইবাৰ নিৰ্বাচনৰ ফেক্টৰ নহয় বুলি কোৱা সকলে বুজি উঠিছে এই জুই নুমোৱা নাই । ১ এপ্ৰিল ২০২১ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ৩৯ টা সমষ্টিত ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হ'ব । ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান সব্যস্ত কৰিব ।

কা,কা,কা – আইমী বৰুৱা কা মনাৰ এই অস্ত্ৰৰূপী বাক্যবানে জাগীৰোড সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা স্বামী পিয়ুষ হাজৰিকাৰ নিৰ্বাচনী ফলাফলত কেনে প্ৰভাব পেলাই সেয়া লক্ষনীয় হ'ব । তুমুল চৰ্চাত এতিয়া এইবোৰ বিষয় ।