/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/jj.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নির্বাচৰ বাবে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টি দুটাত এছ ইউ চি আই দলৰ দুই প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দায়িত্বত থকা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব। ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৯ মাৰ্চ। অন্তিম তাৰিখৰ পূৰ্বেই বুধবাৰে প্ৰথম বাৰৰ বাবে এছ ইউ চি আই দলৰ দুই সমষ্টিৰ দুই প্ৰাৰ্থী একেলগে কোভিড-১৯ ৰ প্ৰটকল মানি ৮-১০ জন সমৰ্থকৰ সৈতে উপস্থিত হয় হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত।
দিনৰ প্ৰায় ৩ বজাত দুয়ো গৰাকী প্ৰাৰ্থীয়ে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। ২২ নং দক্ষিণ শালমাৰা সমষ্টিত কনৰেড আব্দুছ ছবুৰ এই মনোনয়ন পত্ৰ দাখিল কৰে।
আনহাতে ২১ নং মানকাচৰ সমষ্টিত দলটোৰ কনৰেড ছহিদুল আলমে আজি দাখিল কৰে মনোনয়ন পত্ৰ । মানকাচৰ সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত আছে জিলা পৰিষদৰ চি ও ছোৰমান আলী। ৰিটাৰ্ণিং বিষয়া গৰাকীৰ হাতত আলমে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি ঘৰলৈ উভতে।
মন কৰিবলগীয়া যে বুধবাৰৰ দিনটোলৈ জিলা খনৰ দুই সমষ্টিত এছ ইউ চি আইৰ এই দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বৃহস্পতিবাৰে অগপ, কংগ্ৰেছৰ ফালৰ পৰাও মনোনয়ন পত্ৰ দাখিল কৰা হ'ব বুলি জানিব পৰা গৈছে।