দক্ষিণ শালমাৰাত কোনে মাৰিব শেষ হাঁহি!

দক্ষিণ শালমাৰাত কোনে মাৰিব শেষ হাঁহি!

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাত কোনে মাৰিব শেষ হাঁহি!

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম বিধান সভা নিৰ্বাচনৰ বাবে আন এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে দক্ষিণ শালমাৰা সমষ্টি। দক্ষিণ শালমাৰা সমষ্টিত এইবাৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা ১৮৯২০৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৭১১৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৯২০৯০ গৰাকী। সমষ্টি খনত তৃতীয় লিংগৰ ভোটাৰ ৫ গৰাকী।

Advertisment

সমষ্টিটোত ৬ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব ভোট গ্ৰহণ। সমষ্টিটোত ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহাজোঁট বন্ধনৰ সমৰ্থিত তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী জয়ী হোৱাটো নিশ্চিত বুলি ৰাজনৈতিক মহলত ব্যাপক ভাৱে চৰ্চা আৰম্ভ হৈছে। ২০১৬ চনত কংগ্ৰেছৰ পৰা বিধায়ক ওৱাজেদ আলী চৌধুৰী ৮০০৬৬ টা ভোট লাভ কৰিছিল।

আনহাতে তেওঁৰ বিৰুদ্ধে এআইইউডিএফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল প্ৰতিদ্বন্দ্বিতা কৰি ৬৩৩৪৩ টা ভোট লাভ কৰি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। এই ক্ষেত্ৰত এইবাৰ মহাজোঁট বন্ধনৰ ফলত কংগ্ৰেছ আৰু এআইইউডিএফ দল একত্ৰিত হোৱাত বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ক'ব পাৰি।

ইফালে মহাজোঁট বন্ধনে কংগ্ৰেছক সমষ্টি এৰি দিয়াক লৈ দলটোৰ জিলা সাধাৰণ সম্পাদক অধিবক্তা নুৰুল ইছলাম মোল্লাই দল ত্যাগ কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰথম অৱস্থাত তেওঁৰ পক্ষত এআইইউডিএফ দলৰ ভালেখিনি কৰ্মীয়ে সমৰ্থন জনাইছিল যদিও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাৰ পাল্লা ক্ৰমাৎ ওজন কমি অহা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, জিলা খনৰ দুই সমষ্টিত ৪১৫৮৪৮ গৰাকী ভোটাৰে মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য মঙলবাৰে ভোটাৰ সকলে ইভিএমৰ জৰিয়তে নিৰ্ণয় কৰিব। ৰাজনৈতিক মহলে নিৰ্বাচনৰ পূৰ্বে যিমানেই অংক নকৰক কিয় ২ মে তাৰিখে ওলোৱা ফলাফলতহে স্পষ্ট হ'ব কোনে কোন সমষ্টিত শেষ হাঁহি মাৰিব ।