তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলা প্ৰশাসন…

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলা প্ৰশাসন…

author-image
asomiyapratidin
New Update
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলা প্ৰশাসন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰে পুৱাৰ পৰা দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৫১ টা প'লিং পাৰ্টিক ভোট গ্ৰহনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।

Advertisment

উল্লেখ্য যে, হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ মুঠ ৫৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰত অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগ্ৰহনৰ বাবে সাধাৰণতে এদিন আগত ভোটগ্ৰহণ কেন্দ্ৰলৈ প'লিং পাৰ্টি প্ৰেৰণ কৰা হয় যদিও জিলাখনৰ অতি দুৰ্গম এলেকা দক্ষিণ শালমাৰা সমষ্টিৰ অধিকাংশ এলেকাই নদী তথা চৰাঞ্চল।

চৰাঞ্চলৰ যাতায়ত ব্যৱস্থা অতি শোচনীয় হোৱাৰ বাবে এদিন আগতীয়াকৈ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প'লিং পাৰ্টি প্ৰেৰণ কৰা হয়। পুৱা প্ৰায় ৯ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা ষ্ট্ৰং ৰুম নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যাবেক্ষক, জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ, জিলা নিৰ্বাচনী বিষয়া তথা প্ৰাৰ্থী সকলৰ প্ৰতিনিধিৰ উপস্থিত তলা খুলি মুকলি কৰা হয়। ইয়াৰ পাছতেই পলিং পাৰ্টি সকলক এইদৰে ভোটগ্ৰহনৰ সামগ্ৰী বিতৰণ কৰা হয়।

মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা সমষ্টিত মুঠ ভোটগ্ৰহন কেন্দ্ৰ হৈছে ২৭৭ টা । ইয়াৰে আজি দুৰ্গম এলেকাৰ বাবে মুঠ ২৫১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প'লিং পাৰ্টি প্ৰেৰণ কৰা হয়। আনহাতে, অহা কালি সমষ্টিটোৰ আন ২৬ টা প'লিং পাৰ্টি আৰু মানকাচৰ সমষ্টিৰ ৩১৬ টা প'লিং পাৰ্টীসহ মুঠ ৩৪২ টা প'লিং পাৰ্টি জিলা প্ৰশাসনে প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অতি দুৰ্গম এলেকাত প'লিং পাৰ্টি প্ৰেৰণৰ বাবে বাছ, টেম্পু, গৰু তথা ঘোৰা গাড়ীকে ধৰি নদী এলেকাৰ বাবে যন্ত্ৰ চালিত নাওঁৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰে জানিবলৈ দিছে।

ইফালে দুৰ্গম এলেকাৰ ভোটগ্ৰহন কেন্দ্ৰলৈ যাৱলগীয়া পলিং পাৰ্টি জিলা প্ৰসাসনৰ পৰা সকলো প্ৰকাৰৰ সহাৰি তথা সহায়-সহযোগিতা লাভ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

মন কৰিবলগীয়া যে, জিলাখনত থকা মুঠ ৫৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দক্ষিণ শালমাৰা সমষ্টিত ২৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। আনহাতে, মানকাচৰ সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩১৬ টা। মানকাচৰ সমষ্টিৰ ৩১৬ টা ভোটগ্ৰহন কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২২৬৬৪৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১১৪৪৫২ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১১২১৯২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫ গৰাকী।

আনহাতে, দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮৯২০৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৭১১৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯২০৯০ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫ টা । জিলাখনত দুই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৪১৫৮৫৮। ইয়াৰে পুৰুষ ভোটাৰ ২১১৫৬৬ গৰাকী আৰু মহিলা ভোটাৰ ২০৪২৮২ গৰাকী। আনহাতে, জিলাখনত মুঠ তৃতীয় লিংগৰ ভোটাৰ ১০ গৰাকী।