/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/siladitya-1.jpg)
ডিজিটেল ডেস্ক : টিকট নাপাই চৰম হতাশাত ফেচবুকত নিজৰ ক্ষোভ উজাৰিলে শিলাদিত্যই । দিল্লীত ফনী শৰ্মাৰ বিৰুদ্ধে তেওঁ ভুলতে সংবাদমেল পাতি অভিযোগ অনা বুলি স্বীকাৰ কৰি ক্ষমাও বিচাৰিছিল । কিন্তু শেষ ৰক্ষা নহ'ল বিতৰ্কিত শিলাদিত্যৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/WhatsApp-Image-2021-03-10-at-1.54.jpg)
নেগুৰ পেলাই দিও টিকটৰ পৰা বঞ্চিত হোৱাৰ খবৰ পোৱাৰ পিছতেই ফেচবুকত শিলাদিত্যই লিখিলে অবশেষত দলে তেওঁক গোৰ মাৰি উলিয়াই দিলে । উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে হোজাইৰ পৰা নিৰ্বাচিত হোৱা শিলাদিত্য দেবে এইবাৰো টিকট লাভ কৰিম বুলি আশা কৰি আছিল যদিও সেই সপোন তেওঁৰ পূৰণ নহ'ল ।
দলীয় নেতৃত্বৰ বিৰুদ্ধে মাত মতা, বিভিন্ন বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শীৰ্ষত থকা শিলাদিত্য দেবৰ বিপৰীতে ৰামকৃষ্ণ ঘোষক এইবাৰ বিজেপিয়ে সমষ্টিটোত টিকট প্ৰদান কৰিছে ।