/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/1-5.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ ২৭ মাৰ্চত অসম বিধান সভা নিৰ্বাচনৰ ১ ম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তৰ্ভুক্ত সমষ্টি বোকাখাতত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ সমান্তৰালভাৱে সমষ্টিটোৰ "আঞ্চলিক গণ মৰ্চা" আৰু "জীপাল কৃষক শ্ৰমিক সংঘ"ৰ বিৰুদ্ধে ব্যাপক ষড়যন্ত্ৰত লিপ্ত হৈছে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাখাত সমিতিৰ কেইজন মান বিষয়ববীয়া।
জানিব পৰা মতে, ২৮ মাৰ্চত বোকাখাতৰ মাজমজিয়াত অসম ছাত্ৰ পৰিষদৰ কেইজন মান বিষয়ববীয়া আৰু "ব্লেক উলভছ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতাক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ পাছতেই অসম ছাত্ৰ পৰিষদৰ কেইজনমান বিষয়ববীয়াই "ব্লেক উলভছ" নামৰ সংগঠণটোয়ে "আঞ্চলিক গণ মৰ্চা" আৰু "জীপাল কৃষক শ্ৰমিক সংঘ!ৰ লগত জড়িত হৈ অসম ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা কংকজ বৰাক হত্যাৰ চেষ্টা কৰে। লগতে নগদ ২০ হাজাৰ টকা আৰু এডাল সোনৰ চেইন কাঢ়ি নিয়াৰ অভিযোগ তুলি বোকাখাত আৰক্ষী থানাত এক গোচৰ তৰে।
কিন্তু লক্ষণীয় ভাৱে "আঞ্চলিক গণ মৰ্চা" আৰু "জীপাল কৃষক শ্ৰমিক সংঘ"ৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই "ব্লেক উলভছ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ। ইতিমধ্যে এই কথা সাংবাদিকৰ আগত সদৰি কৰে সংগঠনটোৰ বিষয়ববীয়া কংকনজ্যোতি বৰাই।
উল্লেখযোগ্য যে, এক ব্যক্তিগত কাজিয়াক উদ্দেশ্যি প্ৰণোদিতভাৱে এক ৰাজনৈতিক সংঘৰ্ষৰ লগতে নিৰ্বাচনী হিংসাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ উপৰিও "আঞ্চলিক গণমৰ্চা"ৰ লগতে "জীপাল কৃষক শ্ৰমিক সংঘ" নামৰ বেচৰকাৰী অনুষ্ঠানটোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ এক অপচেষ্টা বুলি অভিযোগ উত্থাপিত হৈছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ জিলা সভাপতি কংকজ বৰাৰ বিৰুদ্ধে।
ইফালে এই সমগ্ৰ ঘটনাটোক ভুৱা,মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত আখ্যা দি "ব্লেক উলভছ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া কংকনজ্যোতি বৰা আৰু সমুজ্জল শইকীয়াই বোকাখাত আৰক্ষী থানাত সোমবাৰে এক গোচৰ ৰুজু কৰিছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাখাত সমিতিৰ সভাপতি কংকজ বৰাৰ বিৰুদ্ধে।