মাজুলীত সৰ্বানন্দ সোণোৱালৰ দাখিল কৰিলে মনোনয়ন পত্র…

মাজুলীত সৰ্বানন্দ সোণোৱালৰ দাখিল কৰিলে মনোনয়ন পত্র…

author-image
asomiyapratidin
New Update
মাজুলীত সৰ্বানন্দ সোণোৱালৰ দাখিল কৰিলে মনোনয়ন পত্র…

ডিজিটেল সংবাদ,মাজুলী : মঙলবাৰে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে পুৱা ৯ বজাত মাজুলী শান্তিপুৰ স্থিত নামঘৰত নাম প্ৰসংগত চলি থকা সময়ত বন্তি জ্বলাই দণ্ড খৰছা আগবঢ়াই অষ্টাংগে সেৱা জনায় । ধুতি কুৰ্টা পৰিধান কৰি মুখ্যমন্ত্ৰীজনে ভকত বৈষ্ণৱ আইমাতৃ সকলৰ আৰ্শীবাদ লয়।

ইয়াৰ পাছতে শান্তিপুৰ গাৱৰ সমিপতে এটা নিজা অস্থায়ী বাসগৃহৰ প্ৰবেশ কৰে। পূৱা ১০.৩০ বজাত চিতাদাৰ চাৰিআলিত থকা নীলকন্ঠ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই। আৰু ইয়াৰ পাছতে মাজুলী মিনি ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মী সকলক সম্বোধন কৰি আৰ্শীবাদ বিচাৰে। সভাৰ পৰা ৰেলী কৰি উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল।বৃহৎত ৰেলীত অংশগ্ৰহণ কৰে বিভিন্ন জনগোষ্ঠীয় নৃত্য সম্ভাৰৰ লগতে ভাওনাৰ বিভিন্ন চৰিত্ৰ যেনে হনুমান বালি সুগ্ৰীৱ, আদিয়ে।

ইয়াৰ পাছতে মনোনয়ন পত্ৰ দাখিল কৰে উপায়ুক্ত কাৰ্যালয়ত ।সংগ দিয়ে নিৰ্বাচনীৰ এজেন্ট নৃপেন বৰা আৰু অধিবক্তা অভিমান্যু বৰুৱা। আকৌ শোভাযাত্ৰা কৰি গড়মূৰ মিনি ষ্টেডিয়ামত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। গড়মূৰ মিনি ষ্টেডিয়াম ৰ পৰা ৩ সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র প্ৰদান কৰাৰ পাছত পুনৰ পিছতে গড়মুৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভা সম্বোধন কৰে। সভাত ৰাজ্যিক বিজেপি ৰ সভাপতি ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, প্ৰমোদ বড়োকে ধৰি বহু সংখ্যক নেতা পালি নেতাই অংশগ্রহণ কৰে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে মুখ্যমন্ত্রী পদৰ প্ৰাথী এতিয়াও ঠিৰাং হোৱা নাই বলি জনাই। নিৰ্বাচনৰ পাছতহে সংসদীয় কমিটিয়েহে কোন মুখ্যমন্ত্রী হৱ সিদ্ধান্ত লব বুলি কৈ সৰ্বানন্দ সোণোৱাল যে ২০২১ নিৰ্বাচনৰ মুখ্যমন্ত্রী পদৰ প্ৰাথী নহয় এক প্ৰকাৰে নিশ্চিত কৰি দিয়ে।ইফালে কংগ্ৰেছ দলৰ হৈ ৰাজীৱ লোচন পেগুৱে আৰু জাতীয় পৰিষদৰ হৈ শিশুধৰ দলে সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র প্ৰদান কৰে।