সৰ্বা-হিমন্তক ডাবল ইঞ্জিন আখ্যা ছত্তিশগড়ৰ মুখমন্ত্ৰী ভূপেশ বাঘলৰ…

সৰ্বা-হিমন্তক ডাবল ইঞ্জিন আখ্যা ছত্তিশগড়ৰ মুখমন্ত্ৰী ভূপেশ বাঘলৰ…

author-image
asomiyapratidin
New Update
সৰ্বা-হিমন্তক ডাবল ইঞ্জিন আখ্যা ছত্তিশগড়ৰ মুখমন্ত্ৰী ভূপেশ বাঘলৰ…

ডিজিটেল সংবাদ,ধেমাজি : অসম বিধানসভাৰ আগন্তুক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে ধেমাজিৰ ৰাজনীতিৰ পৰিৱেশ ৷ শাসনাধিষ্ঠিত বিজেপিৰ দখলত থকা ১১৩ নং ধেমাজি বিধান সভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ ভেটিত কপঁনি তুলি বৃহস্পতিবাৰে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোনোৱালৰ নেতৃত্বত পাচঁ সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে ধেমাজিৰ চাৰি আলিৰ পৰা তিনি আলি স্থিত কংগ্ৰেছ কাৰ্য্যালয়লৈ এক বিশাল সমদল বাহিৰ কৰে ৷

Advertisment

সমদলকাৰী সকলে সাম্প্ৰদায়িক তথা দেশৰ সম্পদ বিক্ৰী কৰি অসমীয়া জাতিক নি:শেষ কৰিব বিচৰা জাতিদ্ৰোহী বিজেপি দলক উৎখাৎ কৰি কংগ্ৰেছক ভোট দিবলৈ নানান শ্ল'গানেৰে ধেমাজিৰ আকাশ বতাহ গৰম কৰি তোলে ৷ ইয়াৰ পাছতে ধেমাজিৰ লিলি চিনেমা হলত অনুষ্ঠিত হয় এখন বিশাল নিৰ্বাচনী সমাবেশ ৷

উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ছত্তিশগড়ৰ মূখ্যমন্ত্ৰী ভুপেশ বাঘেলে কয় যে, অসমত সৰ্বানন্দ- হিমন্তৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে ৷ বিজেপি দলটোৱে ৰাইজৰ আগত মুকলিকৈ প্ৰকাশ নকৰিলেও সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ নিজৰ লবি কেন্দ্ৰীক ৰাজনীতি কৰিছে৷ এফালে সৰ্বানন্দ সোনোৱালে টানিছে আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টানিছে যাৰ ফলত অসমৰ জনসাধাৰণৰ উন্নয়ন কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে ৷ বিসম্বাদ, দলবাগৰা, দুৰ্নীতিৰ মাষ্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰাই ৰাজনীতিৰ ক ,খ শিক্ষা লৈছিল ৷ সেইজন হিমন্ত বিশ্ব শৰ্মাৰ পৰা কংগ্ৰেছে একো শিকিব লগীয়া নাই বুলি এই মন্তব্য কৰে ছটিশগড়ৰ মূখ্যমন্ত্ৰী ভুপেশ বাঘেলে ৷

ভাষনত তেওঁ কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰা হস্পিতালত জন্ম গ্ৰহন কৰা, কংগ্ৰেছ চৰকাৰে নিৰ্মান কৰা পঢ়াশালিত শিক্ষা লাভ কৰা আজিৰ বিজেপি চৰকাৰে কংগ্ৰেছক গালি পৰাৰ নৈতিক অধিকাৰ নাই বুলি উল্লেখ কৰি কংগ্ৰেছে অসমৰ শাসনলৈ আহিলে দলটোৱে ঘোষণা কৰা পাচঁ টা গেৰাণ্টী এবছৰৰ ভিতৰৰ প্ৰতিশ্ৰুতি পুৰ্ণ কৰা হব বুলি উল্লেখ কৰে । সভাত ধেমাজি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোনোৱালে শাসনাধিষ্ঠিত বিজেপি দলৰ অপশাসনৰ পৰা এইবাৰ কংগ্ৰেছ দলে ৰাইজক উদ্বাৰ কৰি এখন শান্তি কামী তথা উন্নয়ন শীল অসম গঢ়াৰ প্ৰতি শ্ৰুতি প্ৰদান কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় ৷

ভাষনত তেওঁ মিছিং জাতিক বিজেপিৰ ওচৰত বন্ধকত থৈ ধেমাজিৰ বিধায়ক হোৱা ডাঃ ৰনোজ পেগু এজন গাদ্দাৰ বুলি উল্লেখ কৰি এইজন নেতাই ধেমাজি খনকো বন্ধকত থবলৈ কুণ্ঠাবোধ নকৰিব বুলি কয় ৷ তেনেকুৱা আমদানিকৃত গোলাঘাটৰ নেতাক এইবাৰ নিৰ্বাচনত উচিত শিক্ষা দিবলৈ ধেমাজি বাসী ৰাইজক আহ্বান জনায় ৷ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰগোহাঁইৰ সঞ্চালাত অনুষ্ঠিত নিৰ্বাচনী সভাৰ আদৰণি ভাষন দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক বাবুল সোনোৱালে ৷

সভাত ধেমাজি সমষ্টিৰ কংগ্ৰেছ দলৰ পৰ্য্যৱেক্ষক তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীৰাম পাপু বাঘেল, ধেমাজিৰ চি পি আই এম দলৰ জেষ্ঠ্য নেতা তথা জেষ্ঠ্য অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱাল, চি পি আই দলৰ নেতা খগেশ্বৰ গগৈ, ধেমাজি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰাণী গগৈ , অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য অনিল বৰগোহাঁই , ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী জ্যোতি প্ৰভা দলে ,ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি তথা অধিবক্তা যুগল বুঢ়াগোহাঁই , ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নিতু বৰগোহাঁই ,জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক পবিত্ৰ মিলিকে ধৰি বহুকেইজন কংগ্ৰেছ দলৰ বিষয় – ববীয়াই উপস্থিত থাকে ৷