সংঘামিত্ৰাই কৈছে – মুখ্যমন্ত্ৰী হ’ব পাপা !

সংঘামিত্ৰাই কৈছে – মুখ্যমন্ত্ৰী হ’ব পাপা !

author-image
asomiyapratidin
New Update
সংঘামিত্ৰাই কৈছে – মুখ্যমন্ত্ৰী হ’ব পাপা !

ডিজিটেল ডেস্ক : নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী ষোড়শী । মানুহৰ মাজলৈ গৈ তেওঁ আহ্বান জনাইছে কংগ্ৰেছক ভোট দিবলৈ । সৰু সৰু গোটত বিভক্ত কৰি এই যুবতী গৰাকীয়ে কংগ্ৰেছৰ ৫ গেৰান্টীৰ কথাও উল্লেখ কৰিছে । কংগ্ৰেছ চৰকাৰ আহিলে জনসাধৰণ কিদৰে উপকৃত হ'ব তাৰো বাখ্যা আগবঢ়াইছে ।

Advertisment

যুবক সকলক মাতি তেওঁ সুধিছে তুমি চাকৰিৰ বাবে পঞ্জীয়ন কৰিলা নে । গহপুৰত এতিয়া ভীষন ব্যস্ত এইগৰাকী যুবতী । আনকি তেওঁ ৰাইজক এই আশ্বাসো দিছে যে কংগ্ৰেছে ক্ষমতা পালে তাইৰ দেউতাক মুখ্যমন্ত্ৰী হ'ব ।

এনেদৰে গহপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এইগৰাকী যুবতী হ'ল ৰিপুন বৰাৰ কন্যা । নাম তেওঁৰ সংঘামিত্ৰা বৰা । ৰিপুন বৰাৰ হৈ গহপুৰত এতিয়া সংঘামিত্ৰাই চলাইছে জোৰদাৰ প্ৰচাৰ । কেবল কন্যাই নহয় ৰিপুন বৰাৰ পুত্ৰ সিদ্ধাৰ্থও ব্যস্ত হৈ পৰিছে পিতৃৰ নিৰ্বাচনত ।