ওদালগুৰিত ৰিহন দৈমাৰীৰ বিশাল সমদল

ওদালগুৰিত ৰিহন দৈমাৰীৰ বিশাল সমদল

author-image
asomiyapratidin
New Update
ওদালগুৰিত ৰিহন দৈমাৰীৰ বিশাল সমদল

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ওদালগুৰিৰ এক বিশাল সমদলত শক্তি প্ৰদৰ্শন কৰে ওদালগুৰি বিধান সভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰিহন দৈমাৰীয়ে। কেইবা সহস্ৰাধিক সমৰ্থকেৰে ওদালগুৰি চহৰৰ মাজেৰে এক বিশাল সমদলত অংশগ্ৰহণ কৰি দৈমাৰীয়ে নিজৰ জয়ী নিশ্চিত বুলি দাবী কৰে।

Advertisment

ওদালগুৰি মিচন চ'কৰ পৰা আৰম্ভ হোৱা এই সমদলত অংশগ্ৰহণ কৰি দৈমাৰীয়ে কয়, "সমষ্টিটোত মোৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টিটোত মোৰ বিজয় নিশ্চিত। ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীক ম‌ই বহুত শ্ৰদ্ধা কৰো। কিন্তু সমষ্টিটো দখল কৰাটো তেখেতৰ বাবে কোনো পধ্যে সম্ভৱ নহয়। বিগত কাৰ্যকালসমূহত সমষ্টিটোৰ ৰাইজৰ হৈ ম‌ই বহুত কাম কৰিছো। গতিকে ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে। ম‌ই বিশ্বাসী যে এইবাৰো ৰাইজে মোক মৰম কৰি সমষ্টিটোৰ পৰা মোক জয়ী কৰাব। মোক হৰুৱাবৰ বাবে বিজেপি-ইউপিপিএলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰচাৰৰ বাবে আনিছে। লগতে সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰীয়ে মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে।"

লগতে কয়, "দুয়োটা দলে মোৰ সমষ্টিত মোৰ বিৰুদ্ধে ৰাইজক প্ৰলোভিত কৰাৰ চেষ্টা কৰিছে যদিও সফল হ'ব নোৱাৰে। বিটিচিৰ ১২ খন আসনতেই বিপিএফ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। ৰাইজে মোক বিগত দিনবোৰত বুজি পাইছে আৰু মোকেই ভোট দি জয় কৰিব। সমষ্টিটোত ম‌ই ৭০-৭৫ হাজাৰ ভোট লাভ কৰিম।"

শনিবাৰৰ এই নিৰ্বাচনী সমদলত বহু বিপিএফ নেতা-কৰ্মী উপস্থিত থকাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে সংগীত পৰিৱেশন কৰে।