এইবাৰ খেলা নহয় মেলা হ’বে : ৰঞ্জিত কুমাৰ দাস

এইবাৰ খেলা নহয় মেলা হ’বে : ৰঞ্জিত কুমাৰ দাস

author-image
asomiyapratidin
New Update
এইবাৰ খেলা নহয় মেলা হ’বে : ৰঞ্জিত কুমাৰ দাস

ডিজিটেল ডেস্ক : মমতা বেনাৰ্জীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত খেলা হ'বে বুলি মন্তব্য কৰিছিল । এই মন্তব্য সামাজিক মাধ্যমত ব্যপক চৰ্চা লাভ কৰিছিল । ইপিনে সোমবাৰে পটাছাৰকুছি সমষ্টিত অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে – এইবাৰ খেলা নহয় মেলা হ'বে ।

Advertisment

দাসে লগতে কয় যে – কংগ্ৰেছে খেলি থাকোতেই যাব আমি ৰাইজৰ আশিৰ্বাদত বিজয় উৎসৱ পাতিম । আমি অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে নহয় প্ৰতিজন মানুহৰ হৃদয়ত সোমাই আছো । ভাৰতীয় জনতা পাৰ্টিক বাধা দিব পৰা ক্ষমতা বদৰুদ্দিন আৰু কংগ্ৰেছৰ নাই । এটা সময়ত কংগ্ৰেছে হু ইজ বদৰুদ্দিন কৈ এতিয়া বদৰুদ্দিনে তেওঁলোকৰ প্ৰধান পাৰ্টনাৰ বুলি কটাক্ষ কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ।