/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/7-2.jpg)
ডিজিটেল সংবাদ, হোজাইঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মঙলবাৰে অন্তিমট দিনত হোজাই সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে জিলা সভাপতি অনুপ দেৱসহ কেইবা শতাধিক সমৰ্থকক লগত লৈ হোজাই নতুন বজাৰ, পুৰণা বজাৰ , লংকা চহৰৰ বজাৰ অঞ্চলত পদযাত্ৰা কৰাৰ অন্তত হোজাই চহৰৰ পুৰণা বজাৰ নেতাজী কৰ্ণাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত সমষ্টিখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত , অসমৰ ভিতৰত জাকত-জিলিকা সমষ্টি গঢ়াৰ স্বাৰ্থত, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতিৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ আহ্বান জনায় বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে।
মঙলবাৰে পুৱা হোজাই চহৰৰ নতুন বজাৰ অঞ্চলত জিলা সভাপতি অনুপ দেৱ সহ দলীয় সমৰ্থকক লগত লৈ পদযাত্ৰা কৰি ব্যৱসায়ী সকলক ভোট দিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে। পিছত হোজাই সমষ্টিৰ লংকা বজাৰত উপস্থিত হৈ বজাৰ অঞ্চলত পদযাত্ৰা কৰি লংকাৰ উন্নয়নৰ বাবে ব্যৱসায়ী সকলক বিজেপিত ভোট দিবলৈ আহ্বান জনাই লংকাৰ গুৰুদুৱাৰত উপস্থিত হৈ আশীৰ্বাদ লয়। পিছত হোজাইৰ পুৰণা বজাৰত পদযাত্ৰাৰ অন্তত নেতাজী কৰ্ণাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।
সভাত জিলা সভাপতি গৰাকীৰ লগতে প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ, প্ৰাক্তন মন্ত্ৰী ডাঃ অর্ধেন্ধু কুমাৰ দে, হোজাই সমষ্টিৰ দলীয় পৰ্য্যবেকক গৌৰৱ শৰ্মা উপস্থিত থকা সভাত খনত আজমলে মহাজোটৰ চৰকাৰ অসমত হব বুলি কৈ চৰকাৰৰ চাবি তেওঁৰ হাতত থাকিব বুলি দিয়া মন্তব্যৰ চোকা ভাষাৰে সমালোচনা কৰি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে কয় যে, অসমৰ লগতে হোজাই সমষ্টিৰ উন্নয়নমুখী, শান্তিকামী ৰাইজে কেতিয়াও আজমলৰ হাতত অসমৰ ভৱিষ্যতৰ চাবি নিদিয়ে, আজমলৰ সপোন সপোনেই হৈ থাকিব।
ইপিনে আজি কংগ্ৰেছে শতাধিক লোকৰ উপস্থিত নেতাজী কৰ্ণাৰত সভা অনুষ্ঠিত কৰি ডি ভোটাৰ, এন আৰ চিত নাম বাদ পৰাৰ বাবে বিজেপিক দায়ী কৰি প্ৰদ্যুত বৰদলৈয়ে দিয়া বক্তব্যৰ সমালোচনা কৰি বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণই কয় চৰকাৰ আহিলে কা আইন বাতিল কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছৰ হোজাইত ভোট বিচৰাৰ কোনো নৈতিক অধিকাৰ নাই। বিজেপি চৰকাৰে ৫ বছৰত যি উন্নয়ন মূলক কাম কৰিছে কংগ্ৰেছে ৭০ বছৰত সিমান কাম কৰিব পৰা নাই।
বিজেপিৰ সময়ত অসমৰ ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই কিন্তু কংগ্ৰেছৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কংগ্ৰেছৰ কামেই হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিবেদৰ সৃষ্টি কৰি সংঘাত লগোৱা। হোজাই সমষ্টিৰ ভোটাৰ ৰাইজ সচেতন , তেওঁলোকে উন্নয়ন আৰু শান্তি বিচাৰে, উন্নয়ন আৰু শান্তিকামী ৰাইজক বিজেপিৰ পদুম ফুলৰ ছবিত ভোট দিয়াৰ আহ্বান জনায়, বিজেপিৰ চৰকাৰে হোজাই জিলাবাসীৰ বাবে দুশ বিচনাযুক্ত জিলা চিকিৎসালয় স্থাপন, হোজাই মহাবিদ্যালয়ক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়লৈ উন্নীতকৰণ কৰিছে , সমষ্টিৰ প্ৰতিটো চুকে কোনে ৰাস্তা ঘাটৰ উন্নয়ন কৰিছে, জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে বুলি কৈ ৰাইজৰ পৰা ভোট বিচাৰে।