/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/8-1.jpg)
ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ ৯২ নং লামডিং সমষ্টিত সোমবাৰে বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।লামডিঙৰ শ্বহীদ ময়দানত মন্ত্ৰী গৰাকীয়ে অসমীয়াত ভাষাত ভাল আছে নে বুলি সম্বোধন কৰি ভাষণৰ আৰম্ভণি কৰে । বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভালেইকেইটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বণ্যা বোৱায়।
ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক সুঁৱৰি অসমৰ পৰিচয়, সংস্কৃতি আৰু সভ্যতা সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ কয় যে ড০ ভূপেন হাজৰিকাক বিজেপিয়েহে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিশেষকৈ অসমত চলি থকা অৰণোদয় আঁচনিখনৰ ধন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হব বুলি উল্লেখ কৰে। লগতে অসমৰ ভূমিহীন লোকক মাটিৰ পট্ৰা দিয়াৰ ব্যৱস্থা, ২ লাখ নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিয়া,কৃষকক ৬ হাজাৰ টকাকৈ দিয়া হ'ব তেখেতে বক্তব্য ৰাখে।
দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আঁচনিৰ জৰিয়তে সকলো লোক উপকৃত হব বুলি উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশৰ পৰিচয় পোৱা বুলি দাবী কৰি ৰাজনাথ সিঙে।
অসমত প্ৰচাৰ চলাই থকা ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি তেওঁ অসমৰ চাহ গছৰ মাজে মাজে ফটো তুলিবলৈ অহা বুলি কয়।নিজৰ স্বভাৱসূলভ ভাষণত নেতাগৰাকীয়ে হিমা দাসৰ নাম লৈ হিমাৰ দৌৰৰ তীব্ৰতাৰ সমানে সমানেই অসমৰ উন্নতিৰ জখলা দৌৰিব বুলি কয়।