লামডিঙত কংগ্ৰেছৰ বৃহৎ খহনীয়া

লামডিঙত কংগ্ৰেছৰ বৃহৎ খহনীয়া

author-image
asomiyapratidin
New Update
লামডিঙত কংগ্ৰেছৰ বৃহৎ খহনীয়া

ডিজিটেল,সংবাদ,লামডিংঃ ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে দল বাগৰা ৰাজনীতি অব্যাহত আছে ৷ লামডিং সমষ্টিতো দেখিবলৈ পোৱা গৈছে দল বাগৰা ৰাজনীতি ৷ নিশাটোৰ ভিতৰতে লামডিঙৰ কংগ্ৰেছ দলত সৃষ্টি হৈছে বৃহৎ খহনীয়া ৷ শুক্ৰবাৰে নিশা লামডিঙৰ বিধায়ক তথা বিজেপীৰ প্ৰক্ষেপিত প্ৰাৰ্থী শিবু মিশ্ৰৰ উপস্থিতিত লামডিঙ শ্ৰীমা ভৱনত এখনি দলীয় সভাত লামডিং যুৱ কংগ্ৰেছৰ সভাপতি পৰমেশ্বৰ পাচি সহ প্ৰায় ৫ শতাধিক যুৱক তথা মহিলাই বিজেপীত যোগদান কৰে ৷

উক্ত সভাত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন কৰক দল বাগৰি থকাৰ বাবে "মিউজিকেল চিয়াৰ" বুলি আখ্যা দিয়ে। বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে, লামডিং সমষ্টিত পুনৰবাৰ বিজেপিয়ে জয় লাভ কৰিব ৷ আগৰ তুলনাকৈ এইবাৰ বিজেপিয়ে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈ আহিব বুলি মন্তব্য কৰে মিশ্ৰই ৷