১ এপ্ৰিলত হোজাই জিলাত ৰাজহুৱা বন্ধ ঘোষণা…

১ এপ্ৰিলত হোজাই জিলাত ৰাজহুৱা বন্ধ ঘোষণা…

author-image
asomiyapratidin
New Update
১ এপ্ৰিলত হোজাই জিলাত ৰাজহুৱা বন্ধ ঘোষণা…

ডিজিটেল সংবাদ, মোৰাঝাৰ : হোজাই জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধানসভা নিৰ্বাচন ২০২১ৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ ৰাইজৰ স্বত:স্ফূৰ্ত অংশগ্ৰহণৰ স্বাৰ্থত হোজাই জিলাৰ উপায়ুক্ত ডাঃ সাদনেক সিংয়ে এক আদেশ যোগে সমগ্ৰ হোজাই জিলাত অহা ১ এপ্ৰিল ২০২১ তাৰিখৰ দিনটো ৰাজহুৱা বন্ধ ঘোষণা কৰিছে।

Advertisment

এন.আই.এক্ট ১৮৮১ৰ অধীনত হোজাই জিলা উপায়ুক্তই সমুহ চৰকাৰী,অৰ্ধ-চৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ অনুষ্ঠান, স্থানীয় নিকায়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বেংক,চাহ বাগান আৰু উদ্যোগ আদি বন্ধ ঘোষণা কৰিছে।