/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/3-3.jpg)
ডিজিটেল সংবাদ,ওৰাংঃ পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে সাংবাদিক আৰু দল-সংগঠনৰ প্ৰতিবাদ। মন্ত্ৰী পীয়ূষ হাজৰিকাই এটা বাতৰি সন্দৰ্ভত দুজন সাংবাদিকক ভাবুকি প্ৰদান সন্দৰ্ভত এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু সাংবাদিকৰ প্ৰতিক্ৰিয়া৷
দেওবাৰে ওৰাঙত মন্ত্ৰীগৰাকীৰ কৰ্ম-কাণ্ডক লৈ সংবাদ কৰ্মী আৰু দল সংগঠনে ১ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। ওৰাং প্ৰেছ গ্ৰীল্ড আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত ওৰাঙৰ লক্ষী মন্দিৰত ৰূপায়ণকৰা এই অৱস্থান ধৰ্মঘটত পীয়ুষ হাজৰিকা মন্ত্ৰীৰ যোগ্য ব্যক্তি নহ'য় বুলি তীব্ৰ সমালোচনা কৰে উত্তৰ পূৱ সংখ্যালঘু ছাত্ৰ সন্থাই। পীয়ুষ হাজৰিকাক অকৰ্মণ্য আৰু কাপুৰুষ আখ্যা। মন্ত্ৰীৰ মুখৰ ভাষা নাজানে পীয়ুষ হাজৰিকাই এই মন্তব্য নেমছুৰ সভাপতি বদৰুল ইছলামৰ।
সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰক্ষা কৰা, সাংবাদিকৰ ওপৰত ভয় ভাবুকি বন্ধ কৰা, সাংবাদিকৰ ওপৰত ভং ভাবুকি নচলিব, পীয়ুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক আদি দাবীৰে সংবাদ কৰ্মীৰ লগতে দল সংগঠনৰ প্ৰতিনিধি সকলে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ক্ষমতাৰ ৰাগিত মন্ত্ৰী পীয়ুষ হাজৰিকাই সাংবাদিকক প্ৰদান কৰা ভাবুকিৰ বিৰুদ্ধে মন্ত্ৰী গৰাকীক ধ্বিকাৰ জনোৱাৰ লগতে গৰজি উঠে দল সংগঠন সমূহে।