শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যভূমি বটদ্ৰৱাত উপস্থিত ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধী

শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যভূমি বটদ্ৰৱাত উপস্থিত ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধী

author-image
asomiyapratidin
New Update
শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যভূমি বটদ্ৰৱাত উপস্থিত ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধী

ডিজিটেল ডেস্কঃ গোলাঘাটত প্ৰচাৰ অভিযান সামৰি সাংসদ গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং সহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যভূমি ব্ৰটদ্ৰৱা থানত উপস্থিত হৈছে ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধী। ৰাজীৱ তনয়াৰ আগমনক লৈ লোকাৰণ্য হৈ পৰিছে বটদ্ৰৱাত কীৰ্ত্তন ঘৰ চৌহদ।গায়ন-বায়নেৰে কংগ্ৰেছৰ ৰাজকুমাৰীক থান চৌহদত ভকত সকলে বিপুলভাৱে আদৰণি জনায়।

Advertisment

ইয়াৰ পিছতে কীৰ্ত্তন ঘৰত আশীষ গ্ৰহণ কৰি তেওঁ ৰাওনা হয় থান চৌহদৰ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱা মনিৰ বৰাই আয়োজন কৰা প্ৰচাৰ সভালৈ।উল্লেখ্য যে, প্ৰিয়ংকা গান্ধীৰ বটদ্ৰৱাত উপস্থিত হোৱাৰ আগে আগে সমষ্টিটোৰ বিধায়িকা তথা বিজেপিৰ প্ৰাৰ্থী আঙুলতা ডেকাৰ সপক্ষে প্ৰচাৰ চলোৱাৰ উৰ্দ্দেশ্যে এক সমদলত অংশ লয় ৰাজ্যিক বিজেপিৰ নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱাত কীৰ্ত্তন ঘৰত বাহিৰৰ পৰাই আঠু লৈ সেৱা লোৱা ৰাজীৱ তনয়াৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলেত আজি উৎসৱ মুখৰ সৃষ্টি কৰে।