/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/priyanka-4.jpg)
ডিজিটেল ডেস্কঃ ৰাহুলৰ পিছতে দুদিনীয়া কাৰ্যসূচী লৈ এইবাৰ কংগ্ৰেছ ৰাজকুমাৰী প্ৰিয়ংকা গান্ধী বাড্ৰা।দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত নামিবহি দেশৰ অন্যতম জনপ্ৰিয় কংগ্ৰেছ নেত্ৰী গৰাকী। নিৰ্বাচনী অধিসূচনা জাৰিৰ পিছত অসমত দ্বিতীয় বাৰলৈ উপস্থিত হ'ব লগা প্ৰিয়ংকাই যোৰহাটৰ এক জনসভা সম্বোধন কৰাৰ পিছতে ডেৰ বজাত হেলিকপ্তাৰ যোগে নাজিৰাত উপস্থিত হৈ দ্বিতীয়খন জনসভা সম্বোধন কৰিব। আনহাতে, নাজিৰাৰ পিছত তেওঁ ৩.১৫ বজাত উপস্থিত হ'ব গোলাঘাটৰ খুমটাই বিধান সভা সমষ্টিত।
২২ মাৰ্চৰ দিনাও পুৱা ১১.৩০ বজাত সৰুপথাৰ আৰু ১.২০ বজাত কলিয়াবৰ সমষ্টিত জনসভা সম্বোধনৰ পিছত গান্ধী পৰিয়ালৰ ৰাজকুমাৰী গৰাকী ৰাওনা হ'ব নগাঁৱৰ ব্ৰটদ্ৰৱা থান অভিমুখে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুন্যভূমি ব্ৰটদ্ৰৱা থানত আশীষ লোৱাৰ পিছত তেওঁ সোমবাৰে বিয়লি ৩.৩০ বজাত ব্ৰটদ্ৰৱা আৰু নগাঁৱত দুখনকৈ সমাৱেশ সম্বোধন কৰিব।
ইয়াৰ পিছত সন্ধিয়া তেওঁ হেলিকপ্তাৰ যোগে গোপীনাথ বৰদলৈ বিমানবন্দত উপস্থিত হোৱাৰ পিছত দিল্লী অভিমুখে উভতি যাব। ইয়াৰ মাজতে তেওঁ এপিচিচিৰ শীৰ্ষ নেতা আৰু অসমৰ নিৰ্বাচন পৰিচালনাত নিয়োজিত এআইচিচিৰ নেতৃবৰ্গৰ সৈতেও চমু আলোচনাত মিলিত হোৱাৰ কথা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us