বুধবাৰে নাৰায়ণপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

বুধবাৰে নাৰায়ণপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

author-image
asomiyapratidin
New Update
বুধবাৰে নাৰায়ণপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : বুধবাৰে নাৰায়ণপুৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড. অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী ৷ আজি বিয়লি প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হ'বহি নাৰায়ণপুৰৰ বৰখামতি পথাৰত ৷ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ নাৰায়ণপুৰৰ বৰখামতি পথাৰত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

Advertisment

কেবাতৰপীয়া নিৰাপত্তা বেহু তৈয়াৰ কৰা হৈছে সমাৰোহ স্থলিত ৷ সপ্তাহযোৰা প্ৰস্তুতিৰ অন্তত অস্থায়ী মঞ্চ আৰু হেলিপেড নিৰ্মানৰ সম্পূৰ্ণ হৈ উঠিছে ৷ ইফালে স্বাস্থ্য বিভাগে পথাৰতে কৰিছে কভিড টেষ্ট আৰু চেনিটাইজেশ্বন ৷

গুৰুত্বপূ্ৰ্ণ কথাটো হ'ল নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি দলে প্ৰশাসণ যন্ত্ৰক ব্যৱহাৰ কৰিছে যাৰবাবে প্ৰধানমন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোককটো দুৰৰে কথা প্ৰস্তুতি সম্পৰ্কে জানিবলৈ যোৱা সাংবাদিককো ফটো তোলা আৰু ভিজুৱেল সংগ্ৰহত বাধা আৰোপ কৰা হৈছে ৷

এক লাখৰো অধিক লোকৰ সমাৱেশ ঘটাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে । প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ বিজেপি দলৰ নেতা-কৰ্মীসকল ব্যাপক প্ৰস্তুতি চলোৱাৰ লগতে উৎফুল্লিত হৈ পৰাও পৰিলক্ষিত হৈছে ৷