২৮ মাৰ্চত পৰমানন্দ ৰাজবংশীৰ হৈ ছিপাঝাৰত প্ৰচাৰ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

২৮ মাৰ্চত পৰমানন্দ ৰাজবংশীৰ হৈ ছিপাঝাৰত প্ৰচাৰ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

author-image
asomiyapratidin
New Update
২৮ মাৰ্চত পৰমানন্দ ৰাজবংশীৰ হৈ ছিপাঝাৰত প্ৰচাৰ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল সংবাদ,মঙলদৈ : ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীক মুক্ত সমৰ্থন কৰে ছিপাঝাৰ অসম গন পৰিষদ আৰু দৰং জিলা অসম গণ পৰিষদে। বূধবাৰে ছিপাঝাৰত সাংবাদিকৰ সৈতে হোৱা এক বৈঠকত এই কথা স্পষ্ট কৰে অগপৰ জিলা নেতৃত্বই।

Advertisment

পূৰ্বতে অসম গন পৰিষদে ছিপাঝাৰ সমষ্টিটো বিচাৰিছিল যদিও মিত্ৰ দলৰ বিজেপি য়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, শিক্ষা বিদ ড° পৰমানন্দ ৰাজবংশী ক প্ৰক্ষেপ কৰে। প্ৰথম অৱস্থাত মিত্ৰ দুয়ো দলৰ কিছু লোকে আপত্তি কৰিছিল যদিও বৰ্তমানে মিত্ৰ দুয়ো দলৰ কৰ্ম কৰ্তা তথা নেতাই ড°পৰমানন্দ ৰাজবংশী ক আকোঁৱালি লৈ ছিপাঝাৰ সমষ্টিৰ পৰা বৃহত ভোটৰ ব্যৱধানত জয়ী কৰি পঠিয়াবলৈ ককালত টঙালি বান্ধি হাতে হাত ধৰি আগুৱাই আহিছে।

অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক স্বৰাজ ডেকা, ছিপাঝাৰ বিধান পৰিষদৰ সভাপতি নৱ কুমাৰ ডেকা সহ অগপৰ বহু সংখ্যক দলীয় কৰ্মী আৰু পৰমা ৰাজবংশী তথা বিজেপি কৰ্মীৰ উপস্থিতিত এখন ৰুদ্ধদাৰ সভা অনুষ্ঠিত হয় ছিপাঝাৰত।

আজিৰ বৈঠকে পৰমা ৰাজবংশী আৰু অগপৰ টিকট প্ৰত্যাক্ষী মাজত কোনো বৈষম্য নাই আৰু ছিপাঝাৰ সমষ্টিত এইবাৰ পৰমা ৰাজবংশীৰ জয় নিশ্চিত হ'ব বুলি মন্তব্য কৰে জিলা সভাপতি কমলেশ্বৰ বৰুৱাই। লগতে আগন্তুক অসম বিধান সভাত ছিপাঝাৰে এজন মন্ত্ৰী লাভ কৰিব আশা প্ৰকাশ কৰে মিত্ৰ দুয়ো দলৰ কৰ্মী নেতাই।

জিলাৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাবলৈ তথা অসম বাসীক ফাকুৱা শুভেচ্ছা দিবলৈ অহা ২৮ মাৰ্চত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিপাঝাৰলৈ আহিব বুলি মন্তব্য কৰে ছিপাঝাৰৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে।